নিউজ ডেস্ক : টেবলেটৰ জৰিয়তে সম্ভৱ হৈ উঠিব ক’ভিডৰ চিকিৎসা। ক’ভিডৰ চিকিৎসাৰ বাবে তৈয়াৰ কৰা প্ৰথমটো টেবলেটক বৃটেইনে মান্যতা প্ৰদান কৰিছে।

বৃটেইন হৈছে উক্ত বিশেষ টেবলেটক স্বীকৃতি দিয়া বিশ্বৰ প্ৰথমখন দেশ। molnupiravir – নামৰ এই টেবলেটতো ক’ভিডত আক্ৰান্ত হোৱা লোকে দিনত দুবাৰকৈ গ্ৰহণ কৰিব লাগে।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ Merck, Sharp and Dohme (MSD) আৰু Ridgeback Biotherapeutics ঔষধ কোম্পানীয়ে এই টেবলেট প্ৰস্তুত কৰি উলিয়াইছে। বৃটেইনে ৪৮০,০০০ কোৰ্চ ক্ৰয় কৰাৰ বাবে মান্তি হৈছে।

জানিব পৰা মতে আৰম্ভণিতে দেশখনৰ ক’ভিডৰ প্ৰতিক্ষেধক গ্ৰহণ কৰা তথা প্ৰতিক্ষেধক গ্ৰহণ নকৰা সকলো ৰোগীকে এই টেবলেট প্ৰদান কৰা হ’ব।

লগতে পঢ়ক : ৰাজকন্যা গোচৰৰ চাৰ্জশ্বিট দাখিল; নাম নাই তাজ ভিভান্তা, পংকজ সাধনিদাৰৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply