নিউজ ডেস্ক: শুকুৰবাৰে আৱেলি দিল্লীৰ এটা চাৰি মহলীয়া অট্টালিকাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। দিল্লীৰ মুণ্ডকা মেট্ৰ’ ষ্টেচনৰ সমীপত সংঘটিত উক্ত অগ্নিকাণ্ডটোত ২৭ গৰাকীকৈ লোকে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটি লয়।

আৱেলি ৪.৩০ বজাত সংঘটিত উক্ত অগ্নিকাণ্ডটোত এতিয়াও কেইবাজন লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।  

ভাৰতত সংঘটিত হোৱা কেইটামান ভয়ংকৰ অগ্নিকাণ্ড –

হাৰিয়ানা – ১৯৯৫ চনৰ ডিচেম্বৰ

ভাৰতৰ ইতিসাহত সংঘটিত এইটো আটাইতকৈ ভয়ংকৰ অগ্নিকাণ্ড। ১৯৯৫ চনৰ ২৩ ডিচেম্বৰত হাৰিয়ানাৰ মণ্ডি দাবৱালিত উক্ত অগ্নিকাণ্ডটো সংঘটিত হৈছিল। এটা জেনেৰেটৰত লগা শ্বৰ্ট চাৰ্কিতৰ ফলত সংঘটিত উক্ত অগ্নিকাণ্ডটোত ৫৪০ জন লোকে প্ৰাণ হেৰোৱাইছিল।

উপহাৰ চিনেমা গৃহ, দিল্লী – ১৯৭৭ চনৰ জুন

নতুন দিল্লীৰ গ্ৰীন পাৰ্কৰ সমীপত থকা উপহাৰ চিনেমা গৃহত ‘বৰ্ডাৰ’ নামৰ হিন্দী ছবিখন চলি থকাৰ সময়ত উক্ত অগ্নিকাণ্ডটো সংঘটিত হৈছিল। উক্ত অগ্নিকাণ্ডটোত ৫৯জন লোকে প্ৰাণ হেৰোৱাৰ লগতে ১০০ জনতকৈ অধিক লোক আহত হৈছিল।

কলিকতা, ২০১১ চনৰ ডিচেম্বৰ

কলিকতাৰ AMRI হস্পিটালত সংঘটিত উক্ত অগ্নিকাণ্ডটোত কাৰ্বন মন’ক্সাইড গেছৰ নিৰ্গমন হোৱাৰ ফলত উশাহ বন্ধ হৈ ৮৯ গৰাকী লোক নিহত হৈছিল। উক্ত অগ্নিকাণ্ডৰ পিছতে হস্পিটালখনৰ ৬ গৰাকীক বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল।

মেৰুট, ২০১৬ চনৰ এপ্ৰিল

মেৰুটৰ ভিক্টোৰিয়া পাৰ্কত বহা ব্ৰেণ্ড ইণ্ডিয়া মেলাত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ১০০ জন লোক নিহত হৈছিল। উক্ত অগ্নিকাণ্ডৰ কাৰণ আজি পৰ্যন্ত জানিব পৰা নগ’ল।

তামিলনাডু – ২০১২ চনৰ ছেপ্টেম্বৰ

তামিলনাডুৰ শিৱকাসীৰ সমীপৰ মুডালিপট্টিত থকা এটা আতচবাজিৰ ফেক্টৰিত সংঘটিত হৈছিল এই ভয়ংকৰ অগ্নিকাণ্ডটো। উক্ত অগ্নিকাণ্ডটোত ৫৪ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে ৭৮ জন শ্ৰমিক আহত হৈছিল।

লগতে পঢ়ক – পৰেশ বৰুৱাক মিছলীয়া আখ্যা দি আলফা স্বাধীনৰ ৰোষত মন্ত্ৰী সঞ্জয় কিষাণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply