নিউজ ডেস্কঃ ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ চলাইছে। এই আক্ৰমণত ইউক্ৰেইনৰ ৩জন লোকৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সংবাদমাধ্যম এনডিটিভিয়ে। ৰাছিয়াৰ সেনা বাহিনীয়ে ইউক্ৰেইনৰ বহু কেইখন চহৰ মিজাইলেৰে ধ্বংস কৰি দিছে।

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ইউক্ৰেইনৰ ৰাজধানী কীৱত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। লগতে বিমানবন্দৰৰ সমীপত গুলীবৰ্ষণ হোৱা বুলিও জানিব পৰা গৈছে। তাৰ মাজতে ইউক্ৰেইনে ৫খন ৰাছিয়াৰ বিমান আৰু হেলিকপ্টাৰ নষ্ট কৰা বুলি দাবী কৰিছে। এএফপিৰ খবৰত উল্লেখ কৰা হৈছে এই কথা।

ইফালে, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মতে, ইউক্ৰেইনৰ এয়াৰবেছ আৰু এয়াৰ ডিফেন্স নষ্ট কৰিছে ৰাছিয়াই। উল্লেখ্য যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে বৃহস্পতিবাৰে পুৱাই ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযানৰ ঘোষণা কৰি দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply