নিউজ ডেস্কঃ শনিবাৰে ছত্তীশগড়ৰ বিজাপুৰ জিলাৰ এখন গভীৰ অৰণ্যত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত পাঁচজন নিৰাপত্তাৰক্ষীৰ মৃত্যু হয়।

লগতে আহত হৈছে প্ৰায় ১২ গৰাকী নিৰাপত্তাৰক্ষী।

ছত্তীশগড়ৰ টেৰাম অঞ্চলত চি আৰ পি এফ, কোব্ৰা বাহিনী, ডিআৰজি আৰু স্পেচিয়েল ট্ৰাস্ক ফ’ৰ্চে অভিযান চলাইছিল।

সংঘৰ্ষটোত কেইগৰাকী মাওবাদী নিহত হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ছত্তীশগড়ৰ নাৰায়ণপুৰত আইইডি বিস্ফোৰণত পাঁচজন নিৰাপত্তাৰক্ষী নিহত হৈছিল।

বিস্ফোৰণটো ২৩ মাৰ্চত কানহৰগাওঁ-কাদেনাৰ পথত আবেলি প্ৰায় ৪.১৫ বজাত সংঘটিত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply