নিউজ ডেস্কঃ বিজয়া দশমীৰ দিনা পশ্চিমবংগৰ জলপাইগুৰিত শোকাৱহ ঘটনা। প্ৰতিমা বিসৰ্জনৰ সময়ত হঠাৎ মাল নৈত প্ৰৱল বান। নৈৰ প্ৰচণ্ড সোঁতে মূহুৰ্ততে উটোৱাই নিলে ৫০জনৰো অধিক লোকক। নিশা প্ৰায় ৮.৩০ বজাত এই ঘটনা সংঘটিত হৈছিল যেতিয়া মূৰ্তি বিসৰ্জন অনুষ্ঠানৰ বাবে মাল নদীৰ পাৰত শ শ লোক সমবেত হৈছিল।

ঘটনাস্থলীত এনডিআৰএফ, এছডিআৰএফ, আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ দল লগে লগে উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই জীৱন্তে ৫০ জন লোকক উদ্ধাৰ কৰাৰ লগতে আঠটা মৃতদেহ উদ্ধাৰ কৰে। উদ্ধাৰ কৰা সকলৰ ভিতৰত দহজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এই শোকাৱহ ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ ভিতৰত চাৰিগৰাকী মহিলা আছিল বুলি জানিব পৰা গৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোকাবহ ঘটনাত শোক প্ৰকাশ কৰি নিহত সকলৰ আত্মাৰ সদগতি কামনা কৰি এটা টুইট কৰিছে।

“পশ্চিম বংগৰ জলপাইগুৰিত দুৰ্গা দেৱীৰ মূৰ্তি বিসৰ্জনৰ সময়ত সংঘটিত ঘটনাত দুখ প্ৰকাশ কৰিছো। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলো।”

মাল বিধানসভা সমষ্টিৰ বিধায়ক ৰাজ্যৰ পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী বুলু চিক বৰাইকে কয় যে ঘটনাটো সংঘটিত হোৱাৰ সময়ত তেওঁ ঘটনাস্থলীতে আছিল।মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰিছে মন্ত্ৰীগৰাকীয়ে। বৰাইক আৰু টিএমচিৰ জ্যেষ্ঠ নেতাসকলেও উদ্ধাৰ অভিযান তদাৰক কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply