নিউজ ডেস্ক: ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ পৰিস্থিতি বিৰাজ কৰি থকাৰ মাজতে ইউক্ৰেইনত থকা ভাৰতীয় ৰাষ্ট্ৰদূতৰ পৰিয়ালবৰ্গ দেশলৈ উভতিবলৈ আৰম্ভ কৰিছে। ভাৰতৰ ৰাষ্ট্ৰদূতৰ পৰিয়ালৰ সদস্যসকলক লৈ অহা এখন বিমানে আজি স্বভূমিত আহি উপস্থিত হৈছে।

দেশখনত থকা ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ পৰিয়ালৰ সদস্যসকলক কঢ়িয়াই অনা এখন বিমানে ইতিমধ্যে দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছে। যাত্ৰীসকলক বিমানবন্দৰতে RT-PCR টেষ্ট কৰা হ’ব।

উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজত ভূ-ৰাজনৈতিক পৰিস্থিতি অধিক অৱনতি ঘটাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে ইউক্ৰেনত থকা দূতাবাসৰ বিষয়াসকলৰ পৰিয়ালবৰ্গ, ছাত্ৰ-ছাত্ৰী তথা দেশখনত থকা ভাৰতীয়সকলক বিশেষ প্ৰয়োজন নাথাকিলে তাৰ পৰা গুচি আহিবলৈ আহ্বান জনাইছে।

দেওবাৰে Kyiyত থকা ভাৰতীয় দূতাবাসে ছাত্ৰ-ছাত্ৰী তথা দেশখনত থকা আন ভাৰতীয় সকলক ভাৰতলৈ ঘূৰি যোৱাৰ পৰামৰ্শ দিছিল। উল্লেখযোগ্য একেটা সপ্তাহতে দিয়া এইটো দ্বিতীয়টো পৰামৰ্শ।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পোৱা মতে বিগত কিছু সপ্তাহত ৰাছিয়াই ইউক্ৰেইনৰ সীমান্তত ১৫০,০০০তকৈ অধিক সেনাবাহিনী নিয়োগ কৰিছে।

লগতে পঢ়ক – বোকাখাতত শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত মহিলা, আহত ২জন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply