নিউজ ডেস্কঃ অনলাইন সামগ্ৰী বিক্ৰী কৰা অনুষ্ঠান সমূহে প্ৰায়ে ৰেহাই মূল্য বা এটাৰ লগত এটা বিনামূলীয়াকৈ লাভ কৰাৰ বিজ্ঞাপন দি গ্ৰাহকক আকৰ্ষিত কৰাৰ বাবে চেষ্টা চলায়। ইয়াক মাৰ্কেটিং কৰা বুলিও জনা যায়। কিন্তু এই অনলাইন সামগ্ৰী বিক্ৰী কৰা অনুষ্ঠানসমূহৰ মাৰ্কেটিং কেতিয়াবা কেতিয়াবা গ্ৰাহকে পচন্দ নকৰে।
শেহতীয়াকৈ ফ্লিপকাৰ্ট (Flipkart)ৰ ক্ষেত্ৰতো সংঘটিত হৈছে তেনে এক ঘটনা। দৰাচলতে, ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ফ্লিপকাৰ্টে এটা মেছেজ শ্বেয়াৰ কৰিছিল। কিন্তু মেছেজটোক লৈ বহু লোকে নেতিবাচক প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ফ্লিপকাৰ্টে নাৰী দিৱসত ৰান্ধনীশালৰ সা-সামগ্ৰী সমূহৰ ক্ষেত্ৰত এক অফাৰক লৈ এই মেছেজসমূহ গ্ৰাহকসকললৈ প্ৰেৰণ কৰিছিল।
এই মেছেজটোত লিখা আছিল যে, ‘Dear Customer, This Women’s Day, let’s celebrate You. Get Kitchen appliances from Rs. 299’। ইয়াৰ অৰ্থ হ’ল- ‘প্ৰিয় গ্ৰাহক, এইবাৰ নাৰী দিৱসত, আহক আপোনাক উদযাপন কৰো। পাওঁক ৰান্ধনীশালৰ সামগ্ৰী মাত্ৰ ২৯৯ টকাত।’
এই মেছেজৰ প্ৰেৰণ কৰাৰ পাছতে ফ্লিপকাৰ্টৰ বিৰুদ্ধে বহু লোকে এই মেছেজক ‘লিংগ বৈষম্য’ প্ৰচাৰ কৰা বুলি উল্লেখ কৰি ছচিয়েল মিডিয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। বহুতে কৈছে যে- মহিলা সকল কেৱল ৰান্ধনীশালত সোমাই থাকিবলৈ আৰু খাদ্য বনাবলৈহে আছে নেকি!
এনেধৰণে বহু লোকে অনলাইন অনুষ্ঠানটোক সমালোচনা কৰাৰ পাছত অৱশেষত ফ্লিপকাৰ্টে ক্ষমা বিচাৰে। ফ্লিপকাৰ্টে টুইট কৰে- ‘We messed up and we are sorry. We did not intend to hurt anyone’s sentiments and apologize for the Women’s Day message shared earlier.’ অৰ্থাৎ ‘আমি ভুলি কৰিছো। আমাৰ উদ্দেশ্য কোনো লোকক অপমান বা আঘাত দিয়া নহয়। আমি কৰা মেছেজটোৰ বাবে ক্ষমা বিচাৰিছো।’