নিউজ ডেস্কঃ ফ্লিপকাৰ্টৰ Big Bachat Dhamaal Saleৰ আজি অন্তিম দিন। ফ্লিপকাৰ্টে গ্ৰাহকৰ বাবে ম’বাইল, কাপোৰ, অন্যান্য ইলেট্ৰ’নিক সামগ্ৰীকে ধৰি বিভিন্ন ঘৰুৱা আনুষঙ্গিক সামগ্ৰীৰ ওপৰত ৰেহাই আগবঢ়াইছে।

আনহাতে যিসকল গ্ৰাহকে পেটিএমৰ সহায়ত সামগ্ৰী ক্ৰয় কৰে তেওঁলোকে পেটিএম ৱালেটত ৫০ টকালৈকে কেছবেক লাভ কৰিব।

ৰিয়েলমি, প’ক’, ইনফিনিক্স, ৰেডমি, অপ্পো, এপ’ল আৰু চেমচাং আদি  refurbished ফোনৰ ওপৰত ৰেহাই আগবঢ়াইছে ফ্লিপকাৰ্টে।

লগতে স্মাৰ্ট টিভি Vu, Mi, LG, Realme, Samsung আদিও ৰেহাই মূল্যত উপলব্ধ।

Vivo V23 5G এই স্মাৰ্টফোনটো ইএমআই অবিহনে এতিয়া কম দামত ক্ৰয় কৰিব পাৰিব। এই স্মাৰ্টফোনটোৰ বজাৰ মূল্য ৩৭,৯৯০টকা কিন্তু ফ্লিপকাৰ্টৰ Big Bachat Dhamaal Saleত এই গ্ৰাহকে ৩৪,৯৯০ টকাত ক্ৰয় কৰিব পাৰিব।

ইয়াৰ বাহিৰেও, গ্ৰাহকে এইচডিএফচি বেংকৰ ডেবিট বা ক্ৰেডিট কাৰ্ডৰ সহায়ত ক্ৰয় কৰে তেনেহ’লে ১০% অৰ্থাৎ ২ হাজাৰ টকা ৰেহাইৰে ৩২,৯৯০ টকাত ফোনটো ক্ৰয় কৰিবলৈ সক্ষম হ’ব।

আনহাতে  refurbished কৰা ৬৪জিবিৰ ৪.৭ইঞ্চি ডিচপ্লেৰ TouchIDৰ এপ’ল আইফ’ন ৬এছ ১৩,৬৯৯টকাত আগবঢ়াইছে ফ্লিপকাৰ্টে।

এপ’ল আইফোন ৬ এছত ৫ মেগাপিক্সেল চেলফি কেমেৰাৰ সৈতে আছে ১২ মেগাপিক্সেল ৰিয়াৰ কেমেৰা ।

ইফালে ১৬ জিবি আইফোন ৬ এছ ১১,৪৯৯ টকা আৰু আইফোন ৬ ১৬জিবি আগবঢ়াইছে ৯,৪৯৯টকা।

আনহাতে Refurbished গুগল পিক্সেল৩ উপলব্ধ হৈছে ১১,৪৯৯টকাত। ৫.৪ ইঞ্চিৰ এফএইচডি+ ডিচপ্লে এই ফোনটোত আছে ৪ জিবি ৰেম আৰু ৬৪ জিবি আভ্যন্তৰীণ ষ্ট’ৰেজ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply