নিউজ ডেস্কঃ ৰাছিয়াৰ আক্ৰমণৰ ফলত ইউক্ৰেইনতে বহু ভাৰতীয় নাগৰিকক আৱদ্ধ হৈ আছে। ইয়াৰে অধিকাংশই ছাত্ৰ-ছাত্ৰী। এতিয়া ভাৰত চৰকাৰৰ সন্মুখত আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে তেওঁলোকক কেনেকৈ সুৰক্ষিতভাৱে ভাৰতলৈ ঘূৰাই আনিব পাৰি।
চৰকাৰে ইতিমধ্যে ইয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ভাৰত চৰকাৰে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় নাগৰিকসকলক ঘূৰাই অনাৰ বাবে বিমান পঠিয়াব। আৰু ইয়াৰ বাবে সম্পূৰ্ণ ধন ব্যয় কৰিব ভাৰত চৰকাৰেই।
উল্লেখ্য যে, ৰাছিয়াৰ আক্ৰমণৰ পাছত ইউক্ৰেইনৰ বিমান ঘাটিসমূহ বন্ধ কৰি দিয়া হৈছে। আৰু তাৰ ফলতে যোৱা কালিয়েই ইউক্ৰেইনৰ ৰাজধানী কিৱলৈ ৰাওনা হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানসমূহ ঘূৰি আহিবলগীয়া হয়।