নিউজ ডেস্ক : অৱশেষত ভাৰত ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ফৰ্ড মটৰছে। আমেৰিকাৰ গাড়ী নিৰ্মাতা কোম্পানীটোৱে ভাৰতত গাড়ী নিৰ্মাণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ফৰ্ড মটৰছৰ এই সিদ্ধান্তৰ ফলত ভাৰতত চাৰি হাজাতকৈও অধিক লোক কৰ্মহীন হোৱাৰ সম্ভাৱনা।
অৱশেষত আমেৰিকাৰ গাড়ী নিৰ্মাতা কোম্পানী ফৰ্ড মটৰছে ভাৰত ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। বিগত দহ বছৰত ধাৰাবাহিকভাৱে লোকচানৰ সন্মুখীন হৈ অহাৰ বাবেই আমেৰিকাৰ মটৰ কোম্পানীটোৱে ভাৰত ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোম্পানীটোৰ যোৱা দহ বছৰত ভাৰতত মুঠ ২ বিলিয়ন ডলাৰৰ লোকচান হৈছে।
লগতে পঢ়ক : জামুগুৰিহাটৰ পানপুৰৰ পুৰণি ভেটিত টিজ উৎসৱ পালন
বৃহৎ লোকচানৰ বাবেই ফৰ্ডে গুজৰাট আৰু চেন্নাই থকা মেনুফেক্সৰিং ইউনিত বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে। গুজৰাটৰ সনন্দত থকা ইউনিত চলিত বৰ্ষৰ শেষলৈ আৰু চেন্নাইৰ ইউনিত অহা বৰ্ষৰ প্ৰথম ভাগত বন্ধ কৰি দিয়া হ’ব। অৱশ্যে ফৰ্ড মটোৰছে ঘোষণা কৰিছে যে কোম্পানীটোৱে গ্ৰাহক সেৱা একেদৰেই অব্যাহত ৰাখিব।