নিউজ ডেস্কঃ উত্তৰাখণ্ডৰ শ্ৰীনগৰতস্থিত বীৰ চন্দ্ৰ সিং গড়ৱালী চৰকাৰী চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠানৰ ছাত্ৰাবাসত বনজুই। জুই দ্ৰুত সম্প্ৰসাৰণৰ ফলত মঙলবাৰে নিশা দাঁতিকাষৰীয়া অৰণ্যৰ পৰা বনজুই প্ৰতিষ্ঠানখনৰ ছাত্ৰাবাসলৈকে বিয়পি পৰে। নিমিষতে জুইয়ে ছানি ধৰে প্ৰতিষ্ঠানটোৰ চৌহদ। অৱশ্যে এই ঘটনাত কাৰো একো ক্ষয়ক্ষতি হোৱা নাই। অগ্নিকাণ্ডৰ ঘটনাত আতংকিত হৈ উঠে ছাত্ৰাবাসৰ আবাসীসকল।
উল্লেখ্য যে, উত্তৰাখণ্ডত তাপমাত্ৰা নিৰন্তৰ বৃদ্ধি হোৱাৰ ফলত বনজুই সংঘটিত হৈছে। ১৯ এপ্ৰিলত ৰাজ্যখনৰ কেইবাখনো জিলাত বনজুই সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। বন বিভাগৰ তথ্য অনুসৰি, মঙলবাৰৰ দিনটোতে ৰাজ্যখনত ১১৭টা বনজুই ঘটনা সংঘটিত হৈছে। বনজুইৰ ফলত বৃহৎ পৰিমাণৰ অৰণ্য ধ্বংস হৈছে। সোমবাৰৰ দিনটোত ৰাজ্যখনত ২৭ টা বনজুইৰ ঘটনা সংঘটিত হৈছিল।
লগতে পঢ়কঃদেশত পুনৰ বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ, নতুনকৈ ২,০৬৭ জন আক্ৰান্ত