নিউজ ডেস্ক : জাৰ্মানীৰ বাট-পথত পিজ্জা বিক্ৰী কৰি ফুৰিছে আফগানিস্তানৰ এজন প্ৰাক্তন মন্ত্ৰী। মন্ত্ৰীজনে ৰাজপথত চাইকেল লৈ পিজ্জা বিক্ৰী কৰি ফুৰাৰ ছবি ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

জাৰ্মানীৰ লিপজিগ চহৰত পিজা বিক্ৰী কৰি ফুৰা এই মন্ত্ৰীজনৰ নাম হৈছে ছৈয়দ আহমদ শ্বাহ ছাদাত। ছাদাত ২০১৮ চনত আফগানিস্তানৰ সদ্য প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰুফ গণিৰ মন্ত্ৰীসভাৰ সদস্য আছিল।

দ্যা হিন্দুস্তান টাইমছৰ মতে, ২০২০ চনত ৰাষ্ট্ৰপতি গণিৰ সৈতে কিবা কথাত মতবিৰোধ হোৱাত তেওঁ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পিছত যোৱা বছৰৰ ডিচেম্বৰত তেওঁ জাৰ্মানীত উপস্থিত হয়।  

অক্সফোৰ্ড বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা ছৈয়দ আহমদ শ্বাহ ছাদাতে সংবাদ মাধ্যমক বৰ্তমান ভাইৰেল হৈ পৰা ফটোখন তেওঁৰ হয় বুলি জানিবলৈ দিয়ে। আৰ্থিক সংকটত পৰি পিজা ডেলিভাৰী বয়ৰূপে কাম কৰিবলৈ বাধ্য হোৱা বুলি তেওঁ কয়।

ইয়াৰ পূৰ্বে ২০০৫ চনৰ পৰা ২০১৩ চনলৈকে আফগানিস্তানৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ত এগৰাকী কাৰিকৰী উপদেষ্টা হিচাপে কাম কৰা ছাদাতে বিশ্বৰ বিভিন্ন দেশত বহুজাতিক প্ৰতিষ্ঠানত কাম কৰিছিল।

লগতে পঢ়ক : এইবাৰ সীমান্তত মেঘালয় আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত অসম আৰক্ষী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply