নিউজ ডেস্কঃ জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেলৈ গুলীচালনা। পশ্চিম জাপানৰ নাৰা চহৰত এখন ৰাজহুৱা সভাত ভাষণ দি থকা অৱস্থাত প্ৰধানমন্ত্ৰী গৰাকীৰ ওপৰত গুলীচালনা কৰা হৈছে বুলি জানিব পৰা গৈছে। দুটা গুলীয়ে বুকু ভেদি যায় শিনজোৰ। সংকটজনক অৱস্থাত শিনজোক নাৰা চহৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাই সমগ্ৰ বিশ্বতে এক আলোড়নৰ সৃষ্টি কৰিছে।

৬৭ বছৰীয়া প্ৰবীণ ৰাজনীতিবিদজনে প্ৰথমবাৰৰ বাবে ২০০৬ চনত জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কিন্তু এবছৰৰ ভিতৰতে চৰকাৰৰ পতন ঘটিছিল। পুনৰ শিনজো আবে ২০১২ চনৰ পৰা ২০২০ চনলৈ জাপানৰ প্ৰধানমন্ত্ৰীৰ পদত কাৰ্যনিবাহ কৰিছিল।

স্থানীয় সংবাদ মাধ্যমৰ মতে, যিজন লোকে আবেলৈ গুলীচালনা কৰিছিল, তেওঁৰ নাম য়ামাগামী(৪০)। য়ামাগামীয়ে ৩ডি প্ৰিণ্টেড বন্দুকেৰে গুলীচালনা কৰিছিল, অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই। আবেই এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰাৰ সময়তে এই ঘটনা সংঘটিত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply