নিউজ ডেস্কঃ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাভিচক আটক।
মহাৰাষ্ট্ৰ চৰকাৰৰ এজন মন্ত্ৰী নৱাব মালিকৰ পদত্যাগৰ দাবীত প্ৰতিবাদী সমদল উলিওৱাৰ অভিযোগত বুধবাৰে মুম্বাই আৰক্ষীয়ে আটক কৰে বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাভিছসহ দলৰ কেইবাজনো নেতাক।
ফাড়নাভিছৰ সহ মুম্বাই আৰক্ষীয়ে আটক কৰে প্ৰবীণ দাৰেকাৰ, আশীষ শ্বেলাৰ, গিৰীশ মহাজন, নীতিশ ৰাণে, মঙ্গল প্ৰভাত লোধা আৰু নিৰঞ্জন দাভকাৰেক ।
প্ৰাক্তন মুখ্যমন্ত্ৰীজনে বিগত কেইবাদিন ধৰি মহাৰাষ্ট্ৰ বিধানসভাত এনচিপি নেতা তথা মন্ত্ৰী নৱাব মালিকৰ পদত্যাগৰ দাবী উত্থাপন কৰি আহিছিল।
লগতে পঢ়কঃজম্মু-কাশ্মীৰৰ উধমপুৰত বিস্ফোৰণ:মৃত ১জন, আহত১৪জন
উল্লেখ্য যে, নৱাব মালিক ডাউদ ইব্ৰাহিমৰ সৈতে জড়িত ধন লেনদেনৰ গোচৰত ২১ মাৰ্চলৈকে ন্যায়িক জিম্মাত আছে।
মালিকক ২৩ ফেব্ৰুৱাৰীত প্ৰৱৰ্তন সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল। ইডিয়ে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল। বিগত কেইমাহমান ধৰি এই সন্দৰ্ভত চলোৱা তদন্তপ পাছত নৱাব মালিকক গ্ৰেপ্তাৰ কৰিছিল।
ইডিয়ে নৱাব মালিকৰ পুত্ৰ ফাৰাজ মালিককো সোধা-পোছৰ বাবে আটক কৰিছিল।