নিউজ ডেস্ক : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী তুলিছে লোকসভাৰ সাংসদ মেঘালয়ৰ এন পি পি (নেশ্যনেল পিপলছ পাৰ্টি) দলৰ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আগাথা চাংমাই।

প্ৰাপ্ত তথ্য মতে আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে দেওবাৰে সংসদত এন ডি এৰ নেতাসকলৰ এখন বৈঠকত মিত্ৰজোঁটৰ দল এন পি পিয়ে ‘কা’ বাতিল কৰিবলৈ চৰকাৰৰ ওচৰত দাবী তোলে।

এন পি পিৰ তুৰা সমষ্টিৰ সাংসদ আগাথা চাংমাই সাংবাদিকৰ আগত এন ডি এৰ নেতাসকলৰ ফ্ল’ৰ মিটিঙত ‘কা’ প্ৰসংগ উত্থাপন কৰা বুলি উল্লেখ কৰি কয়, ‘অঞ্চলটোৰ মানুহ বিলাকৰ আৱেগক সন্মান জনাই নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ মই কেন্দ্ৰক দাবী জনাওঁ।’

উল্লেখযোগ্য যে আজিৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন। এইবাৰ অধিৱেশনত প্ৰায় ৩৬ খনকৈ বিধেয়ক গৃহীত হোৱাৰ সম্ভাৱনা আছে। এইবাৰৰ সংসদৰ শীতকালীন অধিৱেশন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা প্ৰধান কাৰণ হৈছে এই অধিৱেশনতে কেন্দ্ৰই প্ৰত্যাহাৰ কৰিব বিৰ্তকিত ৩ খনকৈ কৃষি আইন।

লগতে পঢ়ক : মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply