নিউজ ডেস্কঃ প্ৰাক্তন মিছ ব্ৰাজিল গ্লেচি ক’ৰেইয়াৰ মৃত্যু। টনচিলৰ এক অস্ত্ৰোপচাৰত মগজুৰ ৰক্তক্ষৰণ আৰু হৃদক্ৰিয়া বন্ধ হৈ ব্ৰাজিলৰ এখন ব্যক্তিগত হস্পিতালত মৃত্যু হয় ২৭বছৰীয়া গ্লেচি ক’ৰেইয়াৰ।
২০১৮ চনত মিছ ইউনাইটেড কন্টিনেণ্টছ ব্ৰাজিলৰ মুকুট পিন্ধা গ্লেচি ক’ৰেইয়াৰ ৪এপ্ৰিলত টনচিলৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল। অস্ত্ৰোপচাৰৰ পিছতে মগজুৰ ৰক্তক্ষৰণ আৰম্ভ হৈ হৃদযন্ত্ৰ বন্ধ হৈ পৰে। ২ মাহ ধৰি ক’মাত আছিল গ্লেচি। অৱশেষত মৃত্যুৰ সৈতে হাৰ মানি সোমবাৰে মৃ্ত্যুক আঁকোৱালি হয় সুন্দৰীগৰাকীয়ে।
ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ চহৰৰ পৰা ১২০ মাইল উত্তৰ-পূবত আটলাণ্টিক উপকূলৰ ওচৰৰ মাকাইত জন্মগ্ৰহণ কৰিছিল গ্লেচিয়ে। ব্ৰাজিল সুন্দৰীৰ খিতাপ অৰ্জন কৰাৰ পূৰ্বে এখন বিউটী চেলুনত নেইল আৰ্টিষ্ট হিচাপে কাম কৰিছিল গ্লেচিয়ে। গ্লেচি ছ’চিয়েল মিডিয়াতো বিশেষ জনপ্ৰিয় আছিল।ইনষ্টাগ্ৰামত প্ৰায় ৫২হাজাৰৰো অধিক ফ’লৱাৰছ আছিল। গ্লেচিৰ মৃত্যুত তেওঁৰ অনুৰাগীসকলে ছ’চিয়েল মিডিয়া যোগে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।