নিউজ ডেস্ক: পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ইমৰান খানক লক্ষ্য কৰি গুলীচালনা। কথমপি প্ৰাণ ৰক্ষা পৰা খানৰ ভৰিত গুলী লাগিছে। জানিব পৰা মতে, আজি দেশখনৰ পঞ্জাব প্ৰদেশৰ ৱাজিৰাবাদত এক ৰেলীৰ সময়ত সংঘটিত হয় এই ঘটনা।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ইমৰান খানে ৱাজিৰাবাদ জিলাৰ গুৰজানৱালাত শ্বেহবাজ শ্বৰীফ চৰকাৰৰ বিৰুদ্ধে লাহোৰৰ পৰা ইছলামাবাদলৈ চলি থকা ‘লং মাৰ্চ’ক সম্বোধন কৰি থকা অৱস্থাত এজন ব্যক্তিয়ে তেওঁক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীবৰ্ষণ কৰে।
উক্ত আক্ৰমণত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী সৌভাগ্যক্ৰমে কেৱল সোঁভৰিত গুলীবিদ্ধ হৈ আহত হয় যদিও তেওঁৰ দলৰ এজন কৰ্মীৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে। ঘটনাৰ লগে লগে ৭০ বছৰীয়া খানক এখন SUV-ত উঠাই চিকিৎসাৰ বাবে লাহৰলৈ লৈ যোৱা হয়।
আনহাতে ঘটনাস্থলীতে আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ কৰা হয়। ইপিনে উক্ত আক্ৰমণত ইমৰান খানৰ ওপৰি তেওঁৰ দলৰ কমেও চাৰিজন নেতা আহত হয়,আহতসকলৰ ভিতৰত সাংসদ ফৈজল জাভেদ খানো আছে।
প্ৰাক্তন প্ৰধান মন্ত্ৰীজনৰ ওপৰত চলা আক্ৰমণৰ এই ঘটনাক দেশখনৰ প্ৰধান মন্ত্ৰী শ্বেহবাজ শ্বৰীফে গৰিহণা দিয়াৰ লগতে অভ্যন্তৰীণ মন্ত্ৰী ৰাণা ছানাউল্লাহক আৰক্ষী আৰু প্ৰশাসনৰ পৰা তাৎক্ষণিক প্ৰতিবেদন তলব কৰিবলৈ নিৰ্দেশ দিয়ে।
লগতে পঢ়ক – উত্তৰ প্ৰদেশৰ হোটেল বৃন্দাবন গাৰ্ডেনত ভয়ংকৰ অগ্নিকাণ্ড