নিউজ ডেস্কঃ দেশত জটিলৰ পৰা জটিল হৈ পৰিছে ক’ভিড পৰিস্থিতি।
প্ৰাক্তণ প্ৰধানমন্ত্ৰী ড° মনমোহন সিং ক’ভিড পজিটিভ ।
ততাতৈয়াকৈ এইমছত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তণ প্ৰধানমন্ত্ৰী গৰাকীক। যোৱা বছৰ বুকুৰ সমস্যাৰ বাবে এইমছত চিকিৎসাধীন হৈছিল প্ৰাক্তণ প্ৰধানমন্ত্ৰী গৰাকী।
বিগত ২৪ ঘণ্টাত কৰোনাত আক্ৰান্ত হৈছে প্ৰায় ২লাখ ৭৩ হাজাৰ ৮১০জন লোক।
শেহতীয়াকৈ কৰোনাত একেদিনাই প্ৰাণ হেৰুৱাইছে ১৬১৯জন লোকে।
সোমবাৰে জি এম চি এইচত মৃত্যু হয় এগৰাকী কোভিড ৰোগীৰ।
মৃত মহিলাগৰাকীৰ নাম মামনি কাৰাৰা।
গড়চুকতো কোভিডত আক্ৰান্ত হৈ এগৰাকী কভিড ৰোগীৰ মৃত্যুৰ খবৰ পোৱা গৈছে।
ৰাজ্যত কৰোনা ভয়াৱহ ৰূপে সংক্ৰমণ হোৱালৈ চাই আজি মুখ্যমন্ত্ৰীৰ সৈতে জৰুৰী বৈঠকত মিলিত হয় ৰাজ্যচৰকাৰৰ বিষয়সকল ।
কাইলৈ কভিডৰ নতুন গাইড লাইন প্ৰকাশ কৰাৰ কথা বৈঠকত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।
আনহাতে,মহাৰাষ্ট্ৰত অব্যাহত আছে ১৫ দিনীয়া লকডাউন।
দিল্লীতো আজিৰে পৰা ৬ দিনীয়াকৈ লকডাউন ঘোষণা কৰিছে প্ৰশাসনে।
প্ৰধানমন্ত্ৰীয়ে দেশৰ ৬ টা ঔষধ নিৰ্মাতা কোম্পানীৰ সৈতে ক’ভিডৰ ঔষধ লৈ আলোচনা।
দেশৰ জ্যেষ্ঠ চিকিৎসকৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে ক’ভিডৰ শেহতীয়া পৰিস্থিতিক লৈ আলোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
ICMRৰ সঞ্চালক বলৰাম ভাৰ্গভৰ মতে, শেহতীয়া ক’ভিড লক্ষণে দেখা দিয়া ৰোগী সকলৰ ক্ষেত্ৰত অধিক পৰিমানৰ অক্সিজেনৰ প্ৰয়োজন হৈছে।
সেইবাবেই বৰ্তমান সময়ত অক্সিজেন বেছিকৈ প্ৰয়োজন হৈছে।