সমগ্ৰ দেশে ক’ভিডৰ সৈতে যুঁজ দি থকাৰ সময়তে প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ৫টা পৰামৰ্শ আগবঢ়াইছে।

প্ৰধান মন্ত্ৰীগৰাকীলৈ দিয়া এখন পত্ৰত মনমোহন সিঙে কয় যে বিভিন্ন ভেকচিন উৎপানকাৰী কোম্পানিমূহক অহা ৬ মাহৰ বাবে কিমান ভেকচিন অৰ্ডাৰ দিয়া হৈছে চৰকাৰে তাক ৰাজহুৱা কৰিব লাগে। তেওঁৰ মতে যদিহে আমি এই সময়খিনিত এক নিৰ্দিষ্ট সংখ্যক লোকক টীকাকৰণ কৰিম বুলি লক্ষ্য লৈছো আমি আগতিয়াকৈ সেই অনুসৰি অৰ্ডাৰ দি থ’ব লাগিব যাতে কোম্পানি বিলাকে বিচৰা মতে যোগান দিব পাৰে।

তেওঁ লগতে পৰামৰ্শ আগবঢ়াই যে চৰকাৰে এই কথাও ৰাজহুৱা কৰিব লাগে যে আহিবলগীয়া উক্ত ভেকচিনসমূহ কিদৰে সুচাৰুৰূপে সকলো বিলাক ৰাজ্যত বিতৰণ কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰে জৰুৰীকালিন পৰিস্থিতিৰ বাবে ১০ শতাংশ ভেকচিন নিজৰ লগত ৰাখিব পাৰে আৰু বাকীখিনি ৰাজ্য চৰকাৰবোৰৰ বাবে উপলব্ধ কৰি দিব লাগে।

ৰাজ্য সমূহক আগশাৰী কৰ্মীসকল থিৰাং কৰোতে কিছু এৰা-ধৰা কৰিবলৈ দিব লাগে যাতে ৪৫ বছৰতকৈ কম বয়সৰ আগশাৰী কৰ্মীসকলেও টীকা গ্ৰহণ কৰিব পাৰে বুলি সিঙে কয়।          

তেওঁ চৰকাৰক ভেকচিন উৎপাদনকাৰী কোম্পানিসমূহক পুঁজিৰ যোগান আৰু আন বিশেষ সুবিধা আদিৰ জৰিয়তে তেওঁলোকৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিবলৈ আহ্বান জনায়।

শেষত তেওঁ কয় যে যিহেতু দেশত ভেকচিনৰ যোগান এতিয়াও যথেষ্ট সিমিত তেনে ক্ষেত্ৰত ইউৰোপিয়ান মেডিকেল এজেঞ্চি বা ইউ এছ এফ ডি এৰ দৰে নিৰ্ভৰযোগ্য সংস্থাই অনুমতি দিয়া যিকোনো ভেকচিন ভাৰতত পুনৰ ট্ৰায়েল নকৰাকৈ আমদানি কৰিব দিব লাগে।

উল্লেখযোগ্য যে দেওবাৰে ভাৰতত ২,৬১,৫০০ টা ক’ভিড পজিটিভ কেচ ধৰা পৰিছে। বৰ্তমান আক্ৰান্ত লোকৰ সংখ্যাই ১৮ লাখ অতিক্ৰম কৰিছে। মৃত্যু হোৱা লোকৰ সংখ্যা ১,৭৭,১৫০ গৰাকী, নতুনকৈ ১,৫০১ ৰোগী মৃত্যু হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply