নিউজ ডেস্ক: টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰীৰ আজি এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। মুম্বাইৰ সমীপৰ পালঘৰত সংঘটিত পথ দুৰ্ঘটনাত মিষ্ট্ৰীৰ মৃত্যু হয়।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, আহমেদাবাদৰ পৰা মুম্বাইলৈ আহি থকা অৱস্থাত আজি দিনৰ প্ৰায় ৩.১৫ বজাত এখন দলঙৰ ওপৰত মিষ্ট্ৰীৰ মাৰ্চিডিজ গাড়ীখন দুৰ্ঘটনাত পতিত হয়।
গাড়ীখনত মুঠ ৪জন লোক আছিল আৰু দুৰ্ঘটনাটোত মিষ্ট্ৰীসহ দুজন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাৰ পিছত মিষ্ট্ৰীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
লগতে পঢ়ক – ধেমাজিত বাঁহভৰ্তি ট্ৰেক্টৰত খুন্দা মাৰি থিতাতে নিহত এজন, তিনিজন আহত