নিউজ ডেস্ক : পশ্চিম বংগৰ পৰা বিজেপিৰ বাবে আহিছে এটাৰ পিছত আনটো বেয়া খবৰ। পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে নিজৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিও মমতা বেনাৰ্জীক পুনৰ শাসনৰ গাদী দখল কৰাৰ পৰা আঁতৰাই ৰছখিব নোৱাৰিলে। পশ্চিম বংগত বিজেপিয়ে মুখ ঠেকেচা খোৱাৰ পিছৰে পৰা ৰাজ্যখনত বিজেপি নেতা-কৰ্মীৰ তৃণমূল কংগ্ৰেছলৈ গমন আৰম্ভ হৈছে।
পশ্চিম বংগত ইজনৰ পিছত সিজন বিজেপি নেতা-কৰ্মীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছত এইবাৰ গেৰুৱা বসন ত্যাগ কৰিলে বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিঅ’ই। গেৰুৱা বসন ত্যাগ কৰি বাবুল সুপ্ৰিঅ’ই যোগদান কৰিলে তৃণমূল কংগ্ৰেছত। শনিবাৰে আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰে বাবুল সুপ্ৰিঅ’ই।
তৃণমূল কংগ্ৰেছৰ লোকসভাৰ সাংসদ অভিষেশ বেনাৰ্জীয়ে বাবুল সুপ্ৰিঅ’ক দললৈ আদৰি আনি যোগদান কৰায়। কিছুদিন পূৰ্বে মোদী চৰকাৰৰ মন্ত্রী মণ্ডলৰ পৰা বাবুল সুপ্ৰিঅ’ই পদত্যাহ কৰিছিল। বাবুল সুপ্ৰিঅ’ই পশ্চিম বংগৰ আসনচল লোকসভা সমষ্টিৰ পৰা বিজেপিৰ টিকট নিৰ্বাচনত অৱতীৰ্ণ হৈ বাবুল সুপ্ৰিঅ’ লোকসভা নিৰ্বাচনত বিজয়ী হৈছিল।
লগতে পঢ়ক : দুই ছাত্ৰীক অশ্লীল ইংগিত দি অটো চালক গ্ৰেপ্তাৰ
উল্লেখ্য যে বাবুল সুপ্ৰিঅ’ বিজেপিৰ টিকটত পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনতো প্ৰতিদ্বন্দিতা আগবঢ়াইছিল কিন্তু বাবুল সুপ্ৰিঅ’ বিধানসভা নিৰ্বাচনত পৰাস্ত হৈছিল। বিজেপিৰ টিকট বাবুল সুপ্ৰিঅ’ টালীগঞ্জ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। উল্লেখ্য যে বাবুল সুপ্ৰিঅ’ৰ পূৰ্বেও বহু বিজেপি নেতাই তৃণমূল কংগ্ৰেছত যোগদান কৰিছে।