গুৱাহাটীঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতংগ সিঙৰ দেহাৱসান।

কৰোনাত আক্ৰান্ত হৈ থকা প্ৰাক্তন মন্ত্ৰী গৰাকীৰ আজি পুৱা প্ৰায় ১০ বজাত মৃত্যু হয়।

২২ এপ্ৰিলত তেওঁৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

অসুস্থ হোৱাত কিছু দিন ধৰি তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

মাতংগ সিং ১৯৯৪চনৰ পৰা ১৯৯৮ চনলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছিল।

১৯৯২চনত ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা মাতংগ সিঙে নৰসিংহ ৰাও মন্ত্ৰীসভাত সংসদীয় পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী আছিল। অসমৰ ৰাজনীতিত এক চৰ্চিত নাম আছিল মাতংগ সিং।

২০০৪ চনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ব্যক্তিগত খন্ডৰ ছেটেলাইট নিউজ চেনেল এন ই টি ভিৰ প্ৰতিষ্ঠা কৰিছিল ।

সাৰদা চিটফাণ্ড কেলেংকাৰীত জড়িত থকাৰ অভিযোগত চিবিআইয়ে সিঙক ৩১ জানুৱাৰী ২০১৫ চনত গ্ৰেপ্তাৰ কৰিছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply