নিউজ ডেস্কঃ প্ৰায়ে চৰ্চাত থকা ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প এতিয়া গ্ৰেপ্তাৰ হোৱাৰ প্ৰৱল সম্ভৱনাই গা কৰি উঠিছে। ট্ৰাম্পে নিজেই তেওঁৰ সমৰ্থক সকলক প্ৰতিবাদ কৰাৰ বাবে আহ্বান জনাই কয় যে, ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে এগৰাকী পৰ্ণ ষ্টাৰক ধন দিয়াৰ অভিযোগত তেওঁক ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিব পাৰে।
অভিযোগ অনুসৰি ট্ৰাম্পে ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে তেওঁ আৰু ষ্টৰ্মি ডেনিয়েলচ মাজত থকা সম্পৰ্কৰ কথা প্ৰচাৰ নকৰিবৰ বাবে ষ্টৰ্মিক ১৩০০,০০০ ডলাৰ দিছিল।
উল্লেখযোগ্য যে, ট্ৰাম্পত যদি ম্যানহাটানৰ অধিবক্তাসকলে ট্ৰাম্পক দোষী সাব্যস্ত কৰে তেতিয়া হ’লে আমেৰিকাৰ প্ৰথম অপৰাধী প্ৰাক্তন ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হ’ব।
পিছে ট্ৰাম্পৰ বিৰুদ্ধে অন্য এতিয়া এক অভিযোগো এতিয়া উত্থাপন হৈছে। পাকিস্তান প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও লুকুৱাইছিল নেকি বিদেশী ৰাষ্ট্ৰৰ পৰা পোৱা উপহাৰ। ইমৰাণ খামৰ দৰে একেই অভিযোগ উত্থাপন হৈছে এতিয়া ট্ৰাম্পৰ বিৰুদ্ধেও।
ট্ৰাম্পে ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত বিদেশ ৰাষ্ট্ৰৰ পৰা সৰ্বমুঠ ২.৪৭ কোটি টকাৰ মূল্যৰ উপহাৰ লাভ কৰিছিল। য’ত ১১৭ বিধ বিদেশী উপহাৰ তথ্য আছে। ইয়াৰে ভিতৰত ভাৰতৰ পৰা ট্ৰাম্পে ১৭ বিধ উপহাৰো লাভ কৰিছিল।
কিন্তু ট্ৰাম্পে ১১৭ বিধ উপহাৰ তথ্য গাপ দিবলৈ চেষ্টা কৰিছিল আৰু ভূল তথ্য দাখিল কৰিছিল। তাকে লৈ এতিয়া আমেৰিকাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে।
লগতে পঢ়ক – ভাৰতত উপস্থিত জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা