নিউজ ডেস্ক- মহাৰাষ্ট্ৰৰ ৰত্নগিৰি জিলাৰ খেৰ অঞ্চলত থকা এটা কেমিকেল ফেক্টৰীত শনিবাৰে সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ ।
বিস্ফোৰণত নিহত হয় চাৰিজনকৈ কৰ্মীৰ। আহত হয় এজন।
বিস্ফোৰণৰ সময়ত ফেক্টৰীটোৰ ভিতৰত আবদ্ধ হৈ আছিল ৪০-৫০ জন লোক।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ লোক কেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আহত হোৱা কৰ্মীসকলক চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তাতে চাৰিজনৰ মৃত্যু হয়। আনহাতে চিকিৎসাধীন অৱস্থাত আছে গুৰুতৰভাৱে আহত আন এজন শ্ৰমিক।
কেমিকেল ফেক্টৰীটোৰ এটা ইউনিটৰ ভিতৰত দুটাকৈ বিস্ফোৰণ সংঘটিত হৈছিল।
ফেক্টৰীটোৰ এটা বয়লাৰ অধিক উষ্ণতাৰ বাবে বিস্ফোৰিত হোৱাৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি ফেক্টৰীটোৰ বিষয়াই প্ৰকাশ কৰিছে।
আৰু পঢ়কঃ বিশ্ব ঘৰ চিৰিকা বা ঘনচিৰিকা দিৱসত ব্যতিক্ৰমী প্ৰচেষ্টা খুমটাইৰ এটা পৰিয়ালৰ