প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্ক- জম্মু-কাশ্মীৰত সেনাৰ সাফল্য। চৌপিয়াৰ মুনিহালত সেনাৰ গুলীত নিহত ৪সন্ত্ৰাসবাদী।

সোমবাৰে পুৱতি নিশা জম্মু আৰক্ষী, সেনা আৰু চি আৰ পি এফে চলোৱা এক অভিযানত নিহত সন্ত্ৰাসবাদীকেইজন।

নিহত সন্ত্ৰাসবাদী কেইজন চৌপিয়াৰ আমিৰ চ’ফী, ৰইছ এ ভাট, আকিব মল্লিক আৰু আলটাফ আহমেদ বাণী বুলি চিনাক্ত কৰা হৈছে।

কাশ্মীৰ আৰক্ষীয়ে সদৰি কৰিছে এই তথ্য।

নিহত সন্ত্ৰাসবাদী কেইজন লস্কৰ-ই-তৈবাৰ লগত জড়়িত বুলি আৰক্ষীয়ে সদৰী কৰে।

মুনিহাল অঞ্চলত আত্মগোপন কৰি আছিল সন্ত্ৰাসবাদীকেইটাই।

পুৱতি নিশা ২মান বজাৰ পৰা চলিছিল এই অভিযান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply