নিউজ ডেস্কঃ মেঘালয়ৰ গাৰো হিলছত ভূমিস্খলন। এই ভূমিস্খলনৰ ফলত ৪জনকৈ লোকৰ মৃত্যু হৈছে। খবৰ অনুসৰি, গাৰো হিলছত বৃহস্পতিবাৰে দুটা স্থানত সংঘটিত ভূমিস্খলনৰ ফলত তিনিজনীয়া এটা পৰিয়াল আৰু আন এটি শিশুৰ মৃত্যু হয়।
পশ্চিম গাৰো হিলছৰ গাম্বেগ্ৰে ব্লক এলেকাত প্ৰায় ৩২ কিলোমিটাৰ আৰু তুৰাৰ পৰা ৪৫ কিলোমিটাৰ দূৰৈত সংঘটিত হৈছে এই ঘটনা। আনহাতে, দক্ষিণ পশ্চিম গাৰো হিলছৰ বেতাছিং এলেকাত ভূমিস্খলনৰ ফলত এটা আঢ়ৈ বছৰীয়া এটি শিশুৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, বুধবাৰে নিশা ধাৰাসাৰ বৃষ্টিপাতৰ ফলতে এই ভূমিস্খলনৰ সৃষ্টি হয়। ভূমিস্খলনৰ ফলত মৃত্যু হোৱাত এলেকা দুটাত শংকিত হৈ পৰিছে অঞ্চলবাসী।