নিউজ ডেস্ক : দেশৰ কৃষি খণ্ডৰ লগতে কৃষক সকলৰ আৰ্থিক উন্নয়নৰ প্ৰতি কেন্দ্ৰ চৰকাৰে বিশেষ দৃষ্টি ৰাখিছে। কৃষি খণ্ড আৰু কৃষক সকলৰ বাবে চৰকাৰে বিভিন্ন সময়ত ন ন আঁচনি ৰূপায়ন কৰি আছে। এইবাৰ দেশৰ ক্ষুদ্ৰ কৃষক সকলৰ বাবে চৰকাৰে এক বিশেষ আঁচনিৰ ৰূপায়ন কৰিছে। এই আঁচনিৰ জৰিয়তে ক্ষুদ্ৰ কৃষক সকলক ১৫ লাখ পৰ্যন্ত সাহাৰ্য্য প্ৰদান কৰা হয়।

দেশত ১ হেক্টৰ অথবা ইয়াতকৈ কম কৃষি ভূমি থকা কৃষকৰ সংখ্যা অধিক। বিভিন্ন সময়ত এই ক্ষুদ্ৰ কৃষক সকলে কৃষি কৰ্মৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এনে ক্ষেত্ৰত এই ক্ষুদ্ৰ কৃষক সকলৰ আৰ্থিক উন্নয়ৰ বাবে কেন্দ্ৰ চৰকাৰে প্ৰধানমন্ত্ৰী কৃষি এফ পি অ’ আঁচনিৰ অধীনত আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিছে।

লগতে পঢ়ক : চৰকাৰৰ পৰিৱেশ বিনষ্টকাৰী সিদ্ধান্তৰ বিৰুদ্ধে চন্দ্ৰপুৰবাসীয়ে অব্যাহত ৰাখিছে সপ্তাহজোৰা প্ৰতিবাদ
কেন্দ্ৰ চৰকাৰৰ প্ৰধানমন্ত্ৰী কৃষি এফ পি অ’ আঁচনিৰ জৰিয়তে ক্ষুদ্ৰ কৃষক সকলে ১৫ লাখ টকা পৰ্যন্ত আৰ্থিক সাহাৰ্য্য লাভ কৰিব পাৰে। কৃষক সকলক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ উদ্দেশ্যে কেন্দ্ৰ চৰকাৰে ২০২৩-২৪ বর্ষত ১০ হাজাৰ এফ পি অ’ গঠনৰ ঘোষণা কৰিছে। কৃষক সকলে এই আঁচনিৰ বিষয়ে অধিক জানিবলৈ www.enam.govt.in ৱেব ছাইটত যাব পাৰে।