নিউজ ডেস্কঃ ১৫ জুলাইৰ পৰা ১৮ বছৰৰ ঊর্ধ্বৰসকলক বিনামূলীয়াকৈ কোভিড বুষ্টাৰ টিকা দিয়া হ’ব। দেশজুৰি কৰ’না সংক্রমণ বৃদ্ধিক লৈ শংকাজনক পৰিস্থিতিত বৃহৎ সিদ্ধান্ত ল’লে কেন্দ্রীয় চৰকাৰে। ১৫ জুলাইৰ পৰা আগন্তুক ৭৫ দিন পর্যন্ত বিনামূলীয়াকৈ দিয়া হ’ব বুষ্টাৰ টিকা। বুধবাৰে কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। স্বাধীনতাৰ ৭৫তম বর্ষ উদ্‌যাপন উপলক্ষে এই সিদ্ধান্ত লৈছে কেন্দ্রীয় মন্ত্রীসভাই ।

মন্ত্রীসভাৰ বৈঠকৰ পাছত কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে ঘোষণা কৰে, ‘‘স্বাধীনতাৰ ৭৫তম বর্ষৰ উদ্‌‌যাপন হৈছে দেশত । কেন্দ্রৰ আজাদি কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ অধীনত বিনামূলীয়াকৈ বুষ্টাৰ টিকা দিয়াৰ সিদ্ধান্ত লোৱা হৈছে । ১৫ জুলাইৰ পৰা এই কাৰ্যসূচী আৰম্ভ হ’ব । বিনামূল্যে বুষ্টাৰ টিকা লাভ কৰিব আগন্তুক ৭৫ দিন পর্যন্ত ।’’

সম্প্রতি প্রাপ্তবয়স্কসকলৰ বাবে কৰ’নাৰ দ্বিতীয় টিকা আৰু বুষ্টাৰ টিকাৰ মধ্যৱর্তী সময়ৰ ব্যৱধান কমাইছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে । নতুন নিয়ম অনুযায়ী, ১৮ৰ পৰা ৫৯ বছৰ বয়সৰ প্রাপ্তবয়স্কসকলে দ্বিতীয় টিকা লোৱাৰ ছমাহ পাছত বুষ্টাৰ টিকা ল’ব পাৰিব । সেই অনুযায়ী, ক’উইন এপতো প্রয়োজনীয় সাল-সলনি কৰা হৈছে । তাৰ পাছতেই বিনামূলীয়া বুষ্টাৰ টিকা দিয়াৰ ঘোষণা কৰিলে কেন্দ্র‌ই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply