নিউজ ডেস্কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা গাদীচ্যুত হৈছে ইমৰান খান। শনিবাৰে মাজনিশা অনাস্থা প্ৰস্তাৱত ৩৪২ গৰাকী সাংসদৰ ভিতৰত ১৭৪ গৰাকী সাংসদেই ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰে। আৰু তাৰপাছতে প্ৰধানমন্ত্ৰী পদৰ পৰা আঁতৰিবলগীয়া হয় খান।
ইফালে, প্ৰধানমন্ত্ৰী পদৰ পৰা গাদীচ্যুত হোৱাৰ পাছত ইমৰান খানে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এটা টুইট কৰি তেওঁ লিখিছে- ‘১৯৪৭চনত পাকিস্তান স্বাধীন হৈছিল। কিন্তু স্বাধীনতাৰ যুঁজ এবাৰ পুনৰ আৰম্ভ হৈছে আজিৰ পৰা বিদেশী ষড়যন্ত্ৰৰ বিৰুদ্ধে। এখন দেশৰ নাগৰিকেই দেশখনৰ গণতন্ত্ৰক নিৰাপত্তা প্ৰদান কৰে।’
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী পদৰ পৰা গাদীচ্যুত হোৱাৰ পাছত সংসদৰ অধ্যক্ষ আশ্বদ কাছেৰ আৰু উপাধ্যক্ষ কাচিম সুৰী আস্থা ভোটৰ পূৰ্বেই পদত্যাগ কৰে । ইফালে শ্বেহৱাজ শ্বৰীফ হ’ব পাৰে পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী । উল্লেখ কৰাৰ প্ৰয়োজন যে প্ৰাক্তন প্ৰধানমন্ত্ৰী নাৱাজ শ্বৰীফৰ ভাতৃ শ্বেহৱাজ শ্বৰীফ।