নিউজ ডেস্কঃ দেশত হোৰাহোৰে বৃদ্ধি পাবলৈ ধৰিছে পে’ট্ৰল-ডিজেলৰ মূল্য। সোমবাৰে তৈল কোম্পানীবোৰে পুনৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰিছে।

প্ৰতি লিটাৰ পে’ট্ৰলত ২৯ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পাইছে ৩০পইচাকৈ।

ইয়াৰ পূৰ্বে দুদিন আগতে অর্থাৎ শুকুৰবাৰ আৰু শনিবাৰেও বৃদ্ধি পাইছিল পে’ট্ৰল-ডিজেলৰ মূল্য।

ৰাজধানী দিল্লীত পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ৯৬.৪১ টকা, আনহাতে ডিজেলৰ মূল্য হৈছেগৈ প্ৰতি লিটাৰত ৮৭.২৮ টকা।

মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১০২.৫৮ আৰু ডিজেলৰ মূল্য ৯৪.৭০টকা,

গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৯২.১২ টকা, ডিজেলৰ মূল্য ৮৬.৮৫টকা।

চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৯৭.৬৯টকা, ডিজেলৰ মূল্য ৯১.৯২টকা।

কলকতাত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৯৬.৩৪ , ডিজেলৰ মূল্য ৯০.১২টকা।

ইফালে, ৰাজস্থানৰ শ্ৰী গংগা নগৰত ডিজেলে শতকৰ ঘৰ পাৰ কৰিছে। আনহাতে , প্ৰতি লিটাৰ পেট্ৰ’ল ১০৭ টকাৰ ওপৰত বিক্ৰী হৈ আছে।

লাডাখতো শতকৰ ঘৰ পাৰ কৰি প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য হৈছে ১০১.৯৫টকা।


৪ মে’ৰ পৰা ইন্ধনৰ মূল্য বৃদ্ধি হোৱাৰ পিছতে ইয়াৰ মূল্য অভিলেখ স্তৰত উপনীত হৈছে। ছয় সপ্তাহত ২৪দিন বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।

আৰু পঢ়কঃন’ভাক জক’ভিচৰ শীৰত ফ্ৰেন্স অ’পেনৰ মুকুট

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply