নিউজ ডেস্ক : কেন্দ্ৰীয় পথ-পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰিয়ে জানিবলৈ দিয়া মতে প্ৰত্যেক মাহে তেওঁ ইউটিউবৰ পৰা লাভ কৰে ৪ লাখকৈ টকা। তেওঁ প্ৰদান কৰা বক্তৃতাৰ ভিডিউৰ সমূহৰ ৰয়েলটিৰ বাবদ ইউটিউবৰ পৰা উক্ত ধন লাভ কৰে বুলি মন্ত্ৰীজনে শুকুৰবাৰে জানিবলৈ দিয়ে।
গুজৰাটৰ ভৰুচত দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ৰ কামৰ অগ্ৰগতি পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে।
মন্ত্ৰীজনে জনোৱা মতে ক’ভিড মহামাৰীৰ সময়ছোৱাত তেওঁৰ ভিডিঅ’ সমূহৰ ভিউৱাৰ্শ্বিপ যথেষ্ট বৃদ্ধি পায়।
মহামাৰীৰ সময়ছোৱাত দুটা কাম কৰিবলৈ আৰম্ভ কৰা বুলি উল্লেখ কৰি তেওঁ কয়, ‘মই ঘৰত বিভিন্ন খানা বনোৱা আৰম্ভ কৰিলো আৰু ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বক্তৃতা দিয়া আৰম্ভ কৰিলো। এই সময়ছোৱাত মই দেশ-বিদেশৰ বিভিন্ন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে ৯৫০ টাতকৈ অধিন অনলাইন লেকচাৰ দিছিলো, সেইসমূহ ইউটিউবত আপলোড কৰা হৈছিল।’
‘মোৰ ইউটিউব চেনেলৰ ভিউৱাৰ্শ্বিপ বৃদ্ধি পাই আৰু এতিয়া ইউটিউবে মোক প্ৰতি মাহে ৪ লাখ টকাৰ ৰয়েলটি দিয়ে,’ তেওঁ কয়।
দেশৰ আৰ্থিক উন্নতি আৰু নিয়োগৰ সুবিধা সৃষ্টি কৰাৰ উদ্দেশ্যে আধুনিক আৰু উন্নত মানৰ পথ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰি গাডকাৰিয়ে কয় যে গুজৰাটত ৩৫,১০০ কোটি টকা ব্যয় সাপেক্ষে ৪২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰি থকা হৈছে।
ইয়াৰ উপৰি ৰাজ্যখনত উক্ত এক্সপ্ৰেছৱে’ৰ অধীনত ৬০ খন ডাঙৰ দলঙ, ১৭ খন ফ্লাইঅ’ভাৰ, ১৭ টা ইণ্টাৰচেঞ্জেছ আৰু ৮খন ৰ’ড অভাৰ ব্ৰীজ নিৰ্মাণ কৰা হ’ব।
লগতে পঢ়ক : নগাঁও জিলাৰ খালৈগাঁৱত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন