আগৰতলা : উত্তৰ পূবত ব্যাপক হাৰত বৃদ্ধি পাইছে নিচাজাতীয় সামগ্ৰীৰ প্ৰচলন। অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰি আছে নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰীক। অসমৰ লগতে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাটো নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ হৈছে উঠিছে আৰক্ষী-প্ৰশাসন।
সোমবাৰে ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত জব্দ হয় বৃহৎ পৰিমাণৰ গাঞ্জা। ৰাজধানী এক্সপ্ৰেছত অভিযান চলাই জব্দ কৰা হয় এই গাঞ্জাখিনি। বি এছ এফ আৰু আৰ পি এফে যুটীয়াভাৱে অভিযান চলাই জব্দ কৰে গাঞ্জাখিনি।
আৰু পঢ়কঃ সোমবাৰে ৰাজ্যত ৩৫ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু; আক্ৰান্ত ২,৮০৫ গৰাকী
অবন্দবিহাৰ-আগৰতলা বিশেষ ৰাজধানী এক্সপ্ৰেছৰ শৌচালায়ৰ পৰা বি এছ এফ আৰু আৰ পি এফে যুটীয়াভাৱে অভিযান চলাই ২০ কেজি গাঞ্জা জব্দ কৰে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এই গাঞ্জাখিনি জব্দ কৰে। অৱশ্যে এই সংক্ৰান্তত কোনো লোকক আটক কৰা হোৱা নাই।