নিউজ ডেস্কঃ ভাৰতৰ সকলোতকৈ ধনী ব্যক্তি গৌতম আদানীয়ে ফৰ্বছৰ তালিকাত চতুৰ্থ ধনী ব্যক্তিৰ স্থান লাভ কৰিছে।  মাইক্ৰছফটৰ সংস্থাপক বিল গেইটছে ২০বিলিয়ন ডলাৰৰ সম্পত্তি দান কৰিব বুলি এক ঘোষণা কৰাৰ পিছতেই চতুৰ্থ ধনী ব্যক্তিৰ স্থানত উপনীত হয় গৌতম আদানী । ফৰ্বছৰ বৰ্তমানৰ তথ্য অনুসৰি গেটছৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১০২ বিলিয়ন ডলাৰ।

৬৬ বছৰীয়া কোটিপতিজনে অলপতে এটা ব্লগত প্ৰকাশ কৰিছিল যে তেওঁ ক্ৰমান্বয়ে তেওঁৰ সকলো সম্পত্তি – বিল এণ্ড মেলিণ্ডা গেটছক দিয়াৰ পৰিকল্পনা কৰিছে, যিটো তেওঁ তেওঁৰ প্ৰাক্তন পত্নীৰ সৈতে একেলগে প্ৰতিষ্ঠা কৰিছিল। “মই এই ধন দান কৰাটো ত্যাগ নহয়। এই ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত সৌভাগ্য অনুভৱ কৰিছো। মোৰ সম্পত্তিবোৰ সমাজলৈ এনেদৰে ঘূৰাই দিয়াৰ দায়িত্ব আছে যিয়ে জীৱনক উন্নত কৰাৰ বাবে সৰ্বাধিক প্ৰভাৱ পেলাব বুলি মোৰ বিশ্বাস।”

ইয়াৰ পিছতেই বিশ্বৰ আটাইতকৈ ধনী তালিকাৰ পৰা তেওঁৰ নাম কৰ্তন হয়। ফৰ্বছৰ তথ্য অনুসৰি, বৰ্তমান গেটছৰ মুঠ সম্পত্তি প্ৰায় ১০২ বিলিয়ন ডলাৰ।

ইফালে, ভাৰতীৰ গৌতম আদানিৰ মুঠ সম্পত্তি প্ৰায় ১১৪ বিলিয়ন ডলাৰ বুলি জানিব পৰা গৈছে। ২০২১ আৰু ২০২২ চনৰ ভিতৰত, তেওঁৰ মুঠ সম্পত্তি ৫০বিলিয়ন ডলাৰৰ পৰা ৯০ বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে। তেওঁ আদানি গোটৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ। আদানি গ্ৰুপ হৈছে সাতটা ৰাজহুৱাভাৱে তালিকাভুক্ত প্ৰতিষ্ঠান যাৰ সম্মিলিত বজাৰ মূলধন ১৯৭.৪৯ বিলিয়ন ডলাৰৰ অধিক।

উল্লেখ্য যে, ফৰ্বছৰ প্ৰকাশিত তালিকাত আটাইতকৈ ধনী ব্যক্তিৰ স্থানত আছে ইলন মাস্ক যাৰ মুঠ সম্পত্তিৰ মুঠ মূল্য ২৩০ বিলিয়ন ডলাৰ, লুই ভিটনৰ বাৰ্ণাৰ্ড আৰ্নাল্ট দ্বিতীয় স্থানত আছে আৰু তৃতীয় স্থানত আছে আমাজনৰ সংস্থাপক জেফ বেজোছ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,395 other subscribers

Leave a comment

Leave a Reply Cancel reply