নিউজ ডেস্ক : পূব দিল্লীৰ বিজেপি সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰক প্ৰাণে মৰাৰ ভাবুকি দিছে ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছ (ISIS)-এ। হত্যাৰ ভাবুকি পোৱাৰ পিছতে সাংসদ গৰাকীয়ে দিল্লী আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে।

প্ৰাপ্ত তথ্য মতে গম্ভীৰক ISIS Kashmir -এ তেওঁৰ অফিচিয়েল ই-মেইলত হত্যাৰ ভাবুকি প্ৰদান কৰা হয়।

সাংসদ গৰাকীৰ পৰা এজাহাৰ পোৱাৰ পিছতে দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। গম্ভীৰৰ ঘৰৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে বুলি উল্লেখ কৰি ডি চি পি চেন্ট্ৰেল স্বেতা চৌহানে জানিবলৈ দিয়ে।

তেওঁ কয়, ‘ISIS Kashmir -ৰ পৰা হত্যাৰ ভাবুকি পোৱা বুলি অভিযোগ কৰি গৌতম গম্ভীৰে দিল্লী আৰক্ষীৰ কাষ চাপিছে। তদন্ত চলি আছে। গম্ভীৰৰ ঘৰৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰি তোলা হৈছে।’

লগতে পঢ়ক : উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply