নিউজ ডেস্কঃ সাধাৰণতে এগৰাকী মহিলাই একেসময়তে কেইটা সন্তান জন্ম দিয়ে এটা,দুটা অথবা তিনিটা। কিন্তু দক্ষিণ আফ্ৰিকাৰ এগৰাকী মহিলাই একেলগে জন্ম দিলে ১০টাকৈ সন্তান।
জ’হান্সবাৰ্গৰ টেম্বিছা ইষ্টৰ বাসিন্দা গোচিয়ামে থামাৰা চিথ’লে প্ৰিটোৰিয়াৰ এখন চিকিৎসালয়ত একে সময়তে চিজাৰিয়ান পদ্ধতিৰ দ্বাৰা ৭ জন ল’ৰা আৰু ৩ গৰাকী সুস্থ কন্যা সন্তান প্ৰসৱ কৰি বিশ্ব অভিলেখ গঢ়িছে।
৩৭ বছৰীয়া গোচিয়ামী ধামাৰা চিথোলক গৰ্ভধাৰণৰ সময়ত চিকিৎসকে কৈছিল যে গৰ্ভধাৰণৰ সময়ত, চিকিৎসকে কৈছিল যে তেওঁৰ ৬ টা সন্তান হ’ব পাৰে, কিন্তু যেতিয়া ৭ জুনত গোচিয়ামীৰ অস্ত্ৰোপচাৰ কৰা হৈছিল, তেওঁলোকৰ একে সময়তে ১০ টা সন্তান আছিল।
গৰ্ভধাৰণ সংক্রান্তত চিথোলে কয় যে, ” মই মোৰ গৰ্ভধাৰণত হতবাক হৈছোঁ। আৰম্ভণিতে এইটো অত্যন্ত কঠিন যেন অনুভব আছিল। মই অসুস্থ হৈ পৰিছিলো। মই যথেষ্ট বিষ অনুভৱ কৰিছিলো, কিন্তু এতিয়া ঈশ্বৰৰ কৃপাত ১০ টাকৈ সন্তান প্রসৱ কৰাৰ পিছত মই যথেষ্ট সুখী।”
বিগত মে’ মাহত মৰক্কোৰ এখন চিকিৎসালয়ত চিছে নামৰ এগৰাকী মহিলাই ৯ টা সন্তান জন্ম দি বিশ্ব অভিলেখ গঢ়িছিল। পিছে গোচিয়ামী ধামাৰা চিথোলে ১০টা সন্তান জন্ম দি চিছেৰ অভিলেখ ভংগ কৰে।
আৰু পঢ়কঃপুনৰ চৰ্চাত ‘বাবা কা ধাবা’ : ৰেষ্টোৰেণ্ট ফেইল, কিমান লাখ টকা বাকী ৰৈছে কান্তা প্ৰসাদৰ?