নিউজ ডেস্কঃ দুটি মন, দুখন হৃদয় মিলিলে কোনে বাধা দিব পাৰে? সেয়াই হ’ল কলকাতাৰ সুপ্রিয় চক্রৱর্তী আৰু হায়দৰাবাদৰ অভয় দঙৰ মাজত।

দুয়ো যুৱকে এক ছ’চিয়েল মিডিয়া ছাইট যোগে ইজনে-সিজনৰ লগত প্ৰথম চিনাকি হৈছিল। প্ৰথমে বন্ধুত্ব, তাৰ পিছত প্ৰেম। এতিয়া আজীৱন দুয়ো একেলগে থকাৰ প্ৰতিশ্ৰুতি।

প্ৰথমে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত বহু বাধা আহিছিল। পৰিয়ালৰ ফালৰ পৰাও বাধা আহিছিল লগতে সমাজৰ দৃষ্টিতো এই সম্পৰ্কটোক স্বীকৃত দিয়া নাছিল।

শেষত সুপ্রিয় আৰু অভয়ৰ প্ৰেমৰ সম্পৰ্কত সকলোৱে হাৰ মানিবলৈ বাধ্য় হৈছিল। বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে অৱশেষত দুয়ো যুৱকৰ পৰিয়ালৰ উপস্থিতিত হায়দৰাবাদত দুয়ো বিবাহ পাশত আবদ্ধ হয়।

Photo credit-Sangbad pratidin

সুপ্রিয় চক্রৱর্তী পেছাত হোটেল মেনেজমেণ্ট ইনষ্টিটিউচনৰ এজন শিক্ষক আৰু অভয় ডং এটা মাল্টি নেচনেল কোম্পানীত কৰ্মৰত।

হাতত মেহেন্দি, আশীৰ্বাদ, আঙুঠি সলনি কৰাই নহয় সাধাৰণতে এখন বিয়াৰ সকলো নীতি-নিয়মেই আছিল এই বিশেষ বিবাহখনত। তেওঁলোকৰ আনন্দৰ সংগী হৈছিল পৰিয়ালৰ সদস্যসকল।

দুয়ো গৰাকীৰ পৰিয়ালৰ সদস্যসকল বিবাহৰ অনুষ্ঠানত উপস্থিত থাকি সমকামী নৱবিবাহিতা দম্পতীক মৰম, আশীৰ্বাদেৰে উপচাই দিয়ে। বৰ্তমান তেওঁলোকৰ বিয়াৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছচিয়েল মিডিয়াতো এই বিবাহখনে বিশেষভাৱে চৰ্চা লাভ কৰিছে।

ভাৰতত সমকামী বিবাহক এতিয়াও স্বীকৃতি দিয়া হোৱা নাই যদিও সমকামী সম্পৰ্কক শেহতীয়াকৈ আইনগত ভাৱে স্বীকৃতি দিয়া হৈছিল।

লগতে পঢ়কঃপানামা পেপাৰ্ছ কাণ্ড; Enforcement Directorateৰ কাৰ্য্যালয়ত হাজিৰ ঐশ্বৰ্য্য ৰায়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply