নিউজ ডেস্কঃ ভাৰতীয় সেনাবাহিনীৰ ২৯তম মুৰব্বী হিচাপে আজি দায়িত্বভাৰ গ্ৰহণ কৰে মনোজ পাণ্ডে। বৰ্তমানৰ জেনেৰেল এম এম নাৰাভানে শনিবাৰে অৱসৰ গ্ৰহণ কৰে। বিদায়ী CDS মনোজ মুকুন্দ নাৰাৱানেৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিলে পাণ্ডেই। আনহাতে দেশৰ নতুন উপ-সেনা প্ৰধান হিচাপে নিযুক্তি দিয়া হ’ল লেফটেনেণ্ট জেনেৰেল বি এছ ৰাজুক ।লেফটেনেণ্ট ৰাজুৱে নতুন উপ-সেনা প্ৰধান হিচাপে ১ মে’ত দায়িত্ব গ্ৰহণ কৰিব।

লগতে পঢ়কঃমেৱানীৰ জামিনৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰামৰ

জেনেৰেল পাণ্ডেয়ে এনে এটা সময়ত সেনাৰ দায়িত্ব গ্ৰহণ কৰিছে, যি সময়ত ভাৰতে চীন আৰু পাকিস্তানৰ সৈতে সীমান্তকে ধৰি বিভিন্ন দিশত নিৰাপত্তাৰ দিশত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। মনোজ পাণ্ডে ইয়াৰ পূৰ্বে সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কাৰ্য্যলয়ত ব্ৰিগেডিয়াৰ জেনেৰেল ষ্টাফ (অপাৰেচন)ৰ প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ছিকিম আৰু অৰুণাচল প্ৰদেশত LAC সীমা সুৰক্ষাৰ দায়িত্বত নিয়োজিত আছিল।

৩৯ বছৰ ধৰি সেনাবাহিনীত বিভিন্ন দায়িত্বত দেশসেৱা আগবঢ়াই থকা মনোজ পাণ্ডেক কেইবাটাও পদককে ধৰি কেইবাটাও সন্মানেৰে সন্মানিত কৰা হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply