জাৰ্মানীয়ে ৰাছিয়াৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ইউক্ৰেইনক এই টেংক প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল।তথ্য অনুসৰি যোৱা শুকুৰবাৰে সীমান্ত অতিক্ৰম কৰি ইউক্ৰেইনলৈ যায় ১৮ খন লেপাৰ্ড-২ যুদ্ধ টেংক।
লেপাৰ্ড-২ টেংক বিশ্বৰ এক আগশাৰীৰ যুদ্ধ টেংক। এই টেংকৰ বহুতো বৈশিষ্ট্য আছে। এই টেংকখনত নাইট ভিজন সঁজুলি আৰু লেজাৰ ৰেঞ্জ ফাইণ্ডাৰ আছে, যাৰ সহায়ত লক্ষ্যৰ দূৰত্ব জোখা যায়। লেজাৰ ৰেঞ্জ ফাইণ্ডাৰে খহটা ভূখণ্ড বা খহটা মাটিৰ ওপৰেৰে পাৰ হৈ যোৱাৰ সময়ত চলমান লক্ষ্য ভালদৰে নিৰীক্ষণ কৰাত সহায় কৰে। জাৰ্মানীৰ সেনা আৰু বহুতো ইউৰোপীয় দেশৰ সশস্ত্ৰ বাহিনীয়ে এই টেংক ব্যৱহাৰ কৰে। এই টেংক ব্যৱহাৰ কৰা ইউৰোপীৰ বাহিৰৰ দেশবোৰৰ ভিতৰত আছে কানাডা আৰু ইণ্ডোনেছিয়া ।
জাৰ্মান চেঞ্চেলৰ ওলাফ শুল্ট্জে কয় যে, “হয় প্ৰতিশ্ৰুতি অনুসৰি, আমি ইউক্ৰেইনলৈ লেপাৰ্ড টেংক যোগান ধৰিছো। আমি অতি আধুনিক টেংক প্ৰদান কৰিছো।”
তদুপৰি, জাৰ্মানীয়ে ইউক্ৰেইনলৈ ৪০ খন মাৰ্ডাৰ পদাতিক বাহনো প্ৰেৰণ কৰিছে।