নিউজ ডেস্কঃ গাজিয়াবাদ আৰক্ষীয়ে এনিশাৰ ভিতৰতে তিনিটা পৃথক পৃথক এনকাউন্টাৰত ৬জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনাই যে, দুটাকৈ লুন্ঠৰ ঘটনা সংঘটিত কৰাৰ পাছত এই লোক কেইজনক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে অভিযান চলায়।
২৮ মাৰ্চত এটা পেট্ৰ’ল পাম্পত সোমাই অপৰাধী কেইটাই ৫ লাখ টকা লুটি লৈ যায়, তাৰপাছত শূন্যলৈ গুলীচালনা কৰে। দ্বিতীয়টো ঘটনা নন্দগ্ৰাম এলেকাত যোৱা ২ এপ্ৰিলত পঞ্জাৱ নেশ্যনেল বেংকত সোমাই ১২ লাখ টকা লুটি নিয়ে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, যোৱা ১৫ দিন ধৰি গাজিয়াবাদ আৰক্ষীয়ে এই অপৰাধী কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলাই আহিছিল। আৰু অৱশেষত মঙলবাৰে নিশা গাজিয়াবাদ আৰক্ষীয়ে এই অপৰাধী কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
এই অপৰাধী কেইটাক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে বৃহৎ পৰিমানৰ নগদ ধনো জব্দ কৰিছে। লগতে আৰক্ষীয়ে আন কেইটা অপৰাধীকো অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব বুলি কয়।