নিউজ ডেস্কঃ কংগ্ৰেছ দলত অস্থিৰতা অব্যাহত আছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা গুলাম নবী আজাদে দলৰ পৰা পদত্যাগ কৰিছে। গোলাম নবী আজাদে ইতিমধ্যে ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।
অৱশ্যে পদত্যাগৰ আঁৰৰ প্ৰকৃত কাৰণ এতিয়ালৈ প্ৰকাশ কৰা নাই। দীৰ্ঘদিন ধৰি দলৰ নীতিৰ ওপৰত থকা ক্ষোভৰ বাবে জম্মুত দলটোৱে তেওঁক দিয়া দায়িত্বৰ পৰাও পদত্যাগ কৰিছিল। গোলাম নবী আজাদে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীলৈ পাঁচ পৃষ্ঠাৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। ইয়াৰ লগতে, দলৰ নেতা ৰাহুল গান্ধীলৈ উদ্দেশ্য কৈছে যে তেওঁক অনভিজ্ঞ লোকে আগুৰি আছে।
ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা গোলাম নবী আজাদৰ পদত্যাগ পত্ৰত লগতে কোৱা হৈছে, “অতি দুখ আৰু অতি আৱেগিক হৃদয়েৰে মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে মোৰ অৰ্ধ শতিকা পুৰণি সম্পৰ্ক ছিন্ন কৰাৰ সিদ্ধান্ত লৈছো।”
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৰাকীয়ে ৰাহুল গান্ধীক আক্ৰমণ কৰি পত্ৰখনত লিখিছে যে ৰাহুল গান্ধী সভাপতি হোৱাৰ পিছত (২০১৩) পূৰ্বৰ কংগ্ৰেছক ধ্বংস কৰি দিয়া হ’ল, যাৰ ফলত ক্ৰমান্বয়ে দলটোৰ তৃণমূল পৰ্যায়ৰ নেতাসকল আঁতৰি গৈছিল।
ইয়াৰ পূৰ্বে, গোলাম নবী আজাদে জম্মু-কাশ্মীৰত কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ সময়ত সকলো আচৰিত হৈছিল তেওঁক নিযুক্তি দিয়াৰ কেইঘণ্টামানৰ পাছতে পদত্যাগ কৰিছিল।