নিউজ ডেস্কঃ মানৱ উন্নয়ন সূচাংকত এই বছৰ ভাৰত এটা স্থানলৈ অৱনমিত গৈছে। United Nations Development Programmeৰ দ্বাৰা প্ৰকাশিত ২০২১-২২ বৰ্ষৰ গোলকীয় মানৱ উন্নয়ন প্ৰতিবেদনত ভাৰত ১৩২সংখ্যক স্থানত আছে, যোৱা বছৰ ভাৰতৰ স্থান আছিল ১৩১। এইবাৰ ১৯১ খন দেশক United Nations Development Programme প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিবেদন অনুসৰি, তালিকাত অন্তৰ্ভুক্ত অধিকাংশ দেশৰ মানৱ উন্নয়ন সূচাংক হ্ৰাস পাইছে। যিকোনো দেশৰ মানৱ উন্নয়ন সূচাংক নিৰ্ণয় কৰিবলৈ তাত থকা লোকসকলৰ গড় আয়ুস, শিক্ষা আৰু উপাৰ্জন বিশেষভাৱে আধাৰিত।

United Nations Development Programmeৰ Resident Representative Shoko Noda এ কয় যে ভাৰতত বিনিয়োগ, বীমা আৰু উদ্ভাৱন গুৰুত্বদিয়া নীতিয়ে মানুহক অনিশ্চয়তাৰ সন্মুখীন হ’বলৈ সক্ষম কৰে।ভাৰতে তিনিওটা ক্ষেত্ৰতে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ভাৰতে নৱীকৰণযোগ্য শক্তিৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে, দৰিদ্ৰ আৰু দুৰ্বল লোকসকলৰ বাবে সামাজিক সুৰক্ষাৰ প্ৰচাৰ কৰিছে আৰু ইউএনডিপিৰ সহযোগত কো-উইনৰ জৰিয়তে বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান চলাই আছে।

ভাৰতত প্ৰথমবাৰৰ বাবে, একেৰাহে দুবছৰৰ বাবে মানৱ উন্নয়ন সূচাংক হ্ৰাস পাইছে। ২০২০ আৰু ২০২১ চনৰ প্ৰতিবেদনত ৯০ শতাংশ দেশৰ মানৱ উন্নয়ন সূচাংক মূল্য হ্ৰাস পাইছিল। ইয়াৰ বাবে কৰোনা মহামাৰী, ৰাছিয়া, ইউক্ৰেইন যুদ্ধ আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে প্ৰত্যাহ্বানকো দোষাৰোপ কৰা হৈছে। মানৱ উন্নয়ন সূচাংক মূল্য হ্ৰাস হোৱাৰ বাবে জীৱনৰ প্ৰত্যাশা হ্ৰাস হোৱাটোও এটা মুখ্য কাৰণ। ইউএনডিপিয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, ২০১৯ চনত সমগ্ৰ বিশ্বৰ আয়ুস আছিল ৭২.৮ বছৰ, যি ২০২১ চনত ৭১.৪ বছৰলৈ হ্ৰাস পাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply