নিউজ ডেস্ক : ক্ষুধা আৰু পুষ্টিহীনতাৰ দিশৰ পৰা ভাৰতে বিশ্বৰ আটাইতকৈ পিছপৰা দেশসমূহৰ ভিতৰত স্থান লাভ কৰিছে। ২০২১ বৰ্ষৰ বিশ্ব ক্ষুধা সূচ্যাংকত ভাৰত ১১৬ খন দেশৰ ভিতৰত ১০১ নম্বৰ স্থানলৈ অৱনমিত হৈছে।
বিগত বৰ্ষৰ তুলনাত ভাৰতৰ স্থান অধিক তললৈ নামিছে। ২০২০ বৰ্ষৰ বিশ্ব ক্ষুধা সূচ্যাংকত ভাৰত ৯৪ নম্বৰ স্থানত আছিল।
উল্লেখযোগ্য যে ক্ষুধা নিবাৰণৰ ক্ষেত্ৰত ভাৰত এতিয়া বাংলাদেশ, নেপাল, পাকিস্তান, ম্যানমাৰ আদি দেশতকৈও তলত আছে। এই বৰ্ষৰ তালিকাত চুবুৰীয়া ৰাষ্ট্ৰ কেইখনৰ স্থান হৈছে – নেপাল ৭৬, পাকিস্তান ৯২, বাংলাদেশ ৭৬, ম্যানমাৰ ৭১।
পুষ্টিহীনতা, শিশুৰ মৃত্যু হাৰ আদি কাৰকসমূহৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা বিশ্ব ক্ষুধা সূচ্যাংকৰ এই বৰ্ষৰ শীৰ্ষ ১৮ খন দেশৰ ভিতৰত আছে চীন, ব্ৰাজিল, কুৱেইট আদি।
জাৰ্মানীৰ ৱেল্ট হাংগাৰ হিলফ আৰু আয়াৰলেণ্ডৰ কনচাৰ্ণ ৱৰ্ল্ড ৱাইড নামৰ প্ৰতিষ্ঠান দুটাই বিশ্ব ক্ষুধা সূচ্যাংক প্ৰস্তুত কৰি উলিয়ায়।
লগতে পঢ়ক : পাকিস্তানক গোপন তথ্য যোগান ধৰি অহাৰ অভিযোগত সেনা জোৱানক গ্ৰেপ্তাৰ