নিউজ ডেস্ক : গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৰিৱেশৰ লগতে পৃথিৱীৰ প্ৰতি গভীৰ ভাবুকি কঢ়িয়াই আনিছে। সোমবাৰে Inter-governmental Panel on Climate Change (IPCC) –এ প্ৰকাশ কৰা এক প্ৰতিবেদন মতে ২১০০ চনৰ ভিতৰত পৃথিৱীৰ তাপমাত্ৰা প্ৰাক ঔদ্যোগিক সময়ৰ তুলনাত ২ ডিগ্ৰী চেলছিয়াছতকৈ অধিক বৃদ্ধি পাব।

সোমবাৰে IPCC –এ তেওঁলোকৰ ষষ্ঠ মূল্যায়ন প্ৰতিবেদন (Sixth Assessment Report – AR6) –ৰ প্ৰথম অংশ প্ৰকাশ কৰে য’ত পৃথিৱীৰ জলবায়ু আৰু ইয়াৰ পৰিৱৰ্তন তথা ই জীৱকুলৰ ওপৰত পেলোৱা প্ৰভাৱ সম্পৰ্কে মূল্যায়ন কৰিছে।  

উক্ত প্ৰতিবেদনৰ মতে পৃথিৱীৰ তাপমাত্ৰা ইতিমধ্য প্ৰাক-ঔদ্যোগিক সময় (১৮৫০-১৯০০)-ৰ তুলনাত ১.১ ডিগ্ৰী বৃদ্ধি পাইছে আৰু ২০৪০ চনৰ ভিতৰত ই ১.৫ ডিগ্ৰীলৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি সতৰ্ক কৰি দিছে।

২০১৫ চনত অনুষ্ঠিত Paris Agreement –ৰ লক্ষ্য আছিল পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি প্ৰাক-ঔদ্যোগিক সময়ৰ তুলনাত পৰাপক্ষত ১.৫ ডিগ্ৰী চেলছিয়াছৰ তলত ৰখা।

বিজ্ঞানীসকলৰ মতে তাপমাত্ৰা ২ ডিগ্ৰী চেলছিয়াছতকৈ অধিক বৃদ্ধি পালে প্ৰলয়ংকাৰী আৰু অপৰীৱৰ্তনীয় পৰিস্থিতিৰ উদ্ভৱ হ’ব, যাৰ ফলত মানুহকে ধৰি অন্য প্ৰাণী বাচি থকা কঠিন হৈ পৰিব।

প্ৰতিবেদনটোৰ মতে যদিহে অনতিপলমে আৰু বৃহৎ পৰিসৰত গ্ৰীন হাউচ গে’ছৰ নিৰ্গমন ৰোধ কৰা নহয় তথা বৰ্তমান হাৰত তাপমাত্ৰা বৃদ্ধি পাই থাকে তেন্তে পৃথিৱীৰ তাপমাত্ৰাক ১.৫ ডিগ্ৰী বা আনকি ২ ডিগ্ৰী চেলছিয়াছৰ তলত ধৰি ৰখাটো মানুহৰ হাতৰ বাহিৰলৈ গুচি যাব।

লগতে পঢ়ক : অসম-মেঘালয় সীমা বিবাদক লৈ উত্তপ্ত বিধানসভাৰ মজিয়া; বিৰোধীৰ সদন ত্যাগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply