নিউজ ডেস্কঃ উত্তৰপ্ৰদেশত দুৰ্ঘটনাত পতিত এখন মালবাহী ৰে’ল। ৰাজ্যখনৰ ইটাৱা জিলাত সংঘটিত হৈছে এই ঘটনা। ভৰথনাৰ সমীপৰ ডেডিকেটিড ফ্ৰেট কৰিড’ৰত কয়লা কঢ়িয়াই নিয়া এই ৰে’লখন লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হয়। শনিবাৰে পুৱা প্ৰায় ১১ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, মালবাহী ৰে’লখন কানপুৰ দিশৰ পৰা দিল্লী অভিমুখে গৈ আছিল। এই মালবাহী ৰে’লখনত প্ৰায় ৭০টাকৈ দবা সংযুক্ত হৈ আছিল।

ৰে’লখনৰ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে টুণ্ডলাৰ পৰা ৰেলৱে বিভাগৰ বিষয়া-কৰ্মচাৰী দুৰ্ঘটনাস্থলীত উপস্থিত হয়। বৰ্তমান বাগৰি পৰা ৰে’লৰ দবা কেইটা আঁতৰোৱাৰ বাবে কাম চলি আছে। লগতে উদ্ধাৰ অভিযানো অব্যাহত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply