ভাৰতক ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ গুগলে ১৩৫ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষনা কৰিছে।
এই ধন চিকিৎসা, কভি’ডৰ দ্বাৰা বেয়াকৈ প্ৰভাৱিত লোকসকলক সহায় আগবঢ়োৱা সংস্থা, মেডিকেল ছাপ্লাই আৰু গুৰুত্বপূৰ্ণ তথ্য প্ৰচাৰৰ বাবে প্ৰদান কৰা হ’ব।
গুগলৰ মুখ্য কাৰ্য্যবাহী বিষয়া সুন্দৰ পিচায়ে দিয়া এটা টুইটত ভাৰতত ক’ভিডে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে গভীৰ দূষ প্ৰকাশ কৰি প্ৰতিষ্ঠানটোয়ে উক্ত সাহায্য আগবঢ়াব বুলি জানিবলৈ দিয়ে।
মেডিকেল ছাপ্লাই আৰু বেয়াকৈ প্ৰভাৱিত লোকসকলক সহায় কৰি থকা @GiveIndia, @UNICEFক গুগল আৰু গুগলাৰ্ছে ১৩৫ কোটি টকা প্ৰদান কৰিব বুলি টুইটটোত কোৱা হয়।
গুগলৰ ফালৰ পৰা জনোৱা মতে এই সাহায্যত ২০ কোটি টকাৰ দুটা বিজ্ঞাপন অনুদান (এড গ্ৰাণ্ট) সোমাই আছে। এড গ্ৰাণ্টৰ অধীনত জনসেৱামূলক কামৰ সৈতে সংস্থাক গুগলত বিনামূলীয়া বিজ্ঞাপন দিয়াৰ সুবিধা দিয়া হয়।