নিউজ ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাউঞ্চিল ব্লাফত অৱস্থিত গুগলৰ Data Centreত অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত তিনিজন ইলেক্ট্ৰিচিয়ান অগ্নিদগ্ধ হৈছে। তেওঁলোকক কাউন্সিল বাফৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

কাউঞ্চিল ব্লাফ আৰক্ষীৰ মতে, ঘটনাটো সোমবাৰে মাজনিশা সংঘটিত হৈছিল। ইলেক্ট্ৰিচিয়ানসকলে ডাটা চেণ্টাৰ ভৱনৰ ওচৰৰ এটা উপকেন্দ্ৰত কাম কৰি আছিল, সেই সময়ত বৈদ্যুতিক বিস্ফোৰণ(electrical explosion) হৈছিল। দুৰ্ঘটনাত তিনিজন ইলেক্ট্ৰিচিয়ান অগ্নিদগ্ধ হৈছিল।

তিনিওজনৰ ভিতৰত এজনৰ অৱস্থা ইমানেই গুৰুতৰ আছিল যে তেওঁক এখন বিমানত নেব্ৰাস্কা চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হৈছিল আৰু বাকী দুজনক এম্বুলেন্সৰ সহায়ত স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত ১৪টা Data Centre আছে আৰু বিশ্বজুৰি ডাটা কেন্দ্ৰৰ সংখ্যা ২৩টা। এই Data Centre ৰ সহায়ত গুগলৰ সকলো সেৱা চলোৱা হয়। কাউঞ্চিল ব্লাফত অৱস্থিত এই Data Centre টো প্ৰথমবাৰৰ বাবে ২০০৯ চনত খোলা হৈছিল, যি হৈছে গুগলৰ সৰ্ববৃহৎ ডাটা কেন্দ্ৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply