নিউজ ডেস্কঃ ইউটিউবত এজন জ্যেষ্ঠ ৰাজনীতিবিদৰ বিৰুদ্ধে ‘প্ৰচাৰ’ কৰা এটা ভিডিঅ’ৰ বাবে আদালতৰ ৰোষত পৰিল আমেৰিকান বহুজাতিক প্ৰযুক্তি কোম্পানী ‘গুগল’।

জন বেৰেলাৰো (John Barilaro) নামৰ অষ্ট্ৰেলিয়াৰ ৰাজনীতিবিদজনৰ বিৰুদ্ধে প্ৰচাৰ কৰি ‘গুগলে’ তেওঁৰ ৰাজনৈতিক জীৱন নষ্ট কৰাৰ অপৰাধত অষ্ট্ৰেলিয়াৰ এখন আদালতে ‘গুগল’ক দোষী সাব্যস্ত কৰিছে। ইয়াৰ বাবে ‘গুগল’ক ভাৰতীয় মুদ্ৰাত চাৰি কোটি টকাৰ ক্ষতিপূৰণ আদায় দিয়াৰ নিৰ্দেশ দিছে আদালতে। আদালতৰ মতে, গুগলৰ অদূৰদৰ্শীতাৰ বাবে ৰাজনৈতিক নেতাগৰাকীয়ে নিজৰ কেৰিয়াৰ অকালতে শেষ কৰিবলগীয়া হৈছিল।

জন বেৰেলাৰো (John Barilaro) অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছৰ উপ-সভাপতি। অষ্ট্ৰেলিয়াৰ এখন আদালতে ৰায় দিছে যে জৰ্ডান শ্বেংক নামৰ এজন ৰাজনৈতিক মন্তব্যকাৰীয়ে ইউটিউবত জনক আক্ৰমণ কৰি দুটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। জৰ্ডানে ইউটিউবত প্ৰকাশ কৰা ভিডিঅ’ দুটাত জন বেৰেলাৰোক দুৰ্নীতিগ্ৰস্ত ৰাজনীতিবিদ বুলি অভিহিত কৰাৰ লগতে তেওঁৰ চৰিত্ৰ আৰু সততাক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে। আনকি তেওঁক বৰ্ণবাদী বুলিও অভিযোগ উত্থাপন কৰা হৈছিল। ইউটিউবত আঠ মিলিয়নবাৰ সেই ভিডিঅ’ দুটা দেখুওৱা হৈছে। গুগলৰ মালিকানাধীন ইউটিউবত এই ভিডিঅ’ দুটাই লাখ লাখ টকা উপাৰ্জন কৰিছিল। আদালতৰ মতে, গুগলে এনে মানহানি আৰু অপপ্ৰচাৰৰ বাবে কোনো প্ৰমাণ নোহোৱাকৈ ক্ষতিপূৰণ দিব লাগিব।

উল্লেখ্য যে, ২০২০ চনত ইউটিউবত প্ৰকাশিত দুটা ভিডিঅ’ৰ বাবে ২০২১ চনৰ অক্টোবৰৰ আৰম্ভণিতে জন বেৰেলাৰোয়ে (John Barilaro) ৰাজনীতি এৰিবলৈ বাধ্য হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply