নিউজ ডেস্ক: গুগলে ইয়াৰ ডেডিকেটেড Street View App বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা বছৰৰ মাৰ্চত এই সেৱা বন্ধ কৰি দিয়া হ’ব বুলি গুগলৰ তৰফৰ পৰা জনোৱা হৈছে।
9To5Google-ৰ মতে, গুগলে ষ্ট্ৰীট ভিউ এপৰ বাবে কেইবাটাও শ্বাটডাউন মেচেজ প্ৰস্তুত কৰিছে।
এক জাননীৰ জৰিয়তে কোম্পানীয়ে ব্যৱহাৰকাৰীসকলক Google Map বা Street View Studioলৈ যাবলৈ পৰামৰ্শ দিয়ে, কাৰন Street View Appটো ২০২৩ চনৰ মাৰ্চত বন্ধ হৈ পৰিব।
গুগলৰ Street View Appটো বৰ্তমান iOS আৰু Andoid দুয়োটাতে উপলব্ধ। এই এপটোৱে ব্যৱহাৰকাৰীসকলক ষ্ট্ৰীট ভিউৰ সৈতে গুগল মেপত যিকোনো স্থান বিচাৰি উলিওৱাৰ অনুমতি দিয়ে।
লগতে পঢ়ক – কাৰ নৃশংসতা, কাৰ অৱজ্ঞাৰ বাবে পেং-নিৰ্ভৰ হ’ল একালৰ কৃষক ভগত গড়ৰ জীৱন