নিউজ ডেস্ক– আমেৰিকাৰ টেক্সাছত কভিড সংক্ৰমণৰ বাবে বাধ্যতামূলক মাস্ক পৰিধান কৰাটো প্ৰত্যাহাৰ কৰা হৈছে। ৰাজ্যখনৰ গৱৰ্ণৰ গ্ৰেগ এবাটে মঙলবাৰে ঘোষণা কৰিলে এই বিষয়ে। গৱৰ্ণৰ গৰাকীয়ে কয় যে এতিয়াৰ পৰা জনসাধাৰণে মুকলিকৈ উশাহ ল’ব পাৰিব। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সকলোৱে নিজৰ দায়িত্বৰ পৰা মুক্ত হৈ গ’ল। তাৰ ভিতৰতো সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগিব। জনসাধাৰণে নিজৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিবই লাগিব।
জনসাধাৰণে নিজৰ সুৰক্ষাৰ বাবে ইচ্ছা কৰিলে মাস্ক পৰিধান কৰিব পাৰিব। কিন্তুমাস্ক পৰিধান কৰাটো বাধ্যতামূলক নহয়। উল্লেখ্য় যে ৰাজ্যখনত ৰাজ্যখনত কৰোনাত আক্ৰান্ত হৈ প্ৰায় ৪২হেজাৰতকৈ অধিকলোকৰ মৃত্যু হৈছিল। কেইমাহ মানৰ পূৰ্বৰ লৈকে মাস্ক পৰিধান কৰাটো টেক্সাছত বাধ্যতামূলক ঘোষণা কৰা হৈছিল।