নিউজ ডেস্ক : চৰকাৰী বিমান সংস্থা এয়াৰ ইণ্ডিয়া টাটা গ্ৰুপৰ হাতলৈ যোৱাৰ কথা অস্বীকাৰ কৰিছে কেন্দ্ৰ চৰকাৰে।

একাংশ সংবাদ মাধ্যমত এয়াৰ ইণ্ডিয়াৰ বিক্ৰী প্ৰক্ৰিয়াত টাটা গ্ৰুপে সৰ্বাধিক বিড ক্ৰয় কৰা বুলি প্ৰকাশ পোৱা বাতৰি মিছা বুলি বিনিয়োগ আৰু ৰাজহুৱা সম্পদ ব্যৱস্থাপনা বিভাগে এক টুইটযোগে সদৰী কৰিছে।

আগন্তুক দিনত এনে কিবা সিদ্ধান্ত ল’লে চৰকাৰে সংবাদ মাধ্যমক অৱগত কৰিব বুলিও টুইটটোত উল্লেখ কৰা হয়।

উল্লেখযোগ্য যে টাটা গ্ৰুপ আৰু স্পাইচজেটৰ অধ্যক্ষ অজয় সিঙে চলিত মাহৰ আৰম্ভণিত চৰকাৰী এয়াৰলাইন এয়াৰ ইণ্ডিয়াৰ বাবে নিবিদা দিছিল। বিগত বৰ্ষৰ ডিচেম্বৰত চৰকাৰে এয়াৰ ইণ্ডিয়াৰ নিৰ্বিনিয়োজনৰ অংশ হিচাপে নিবিদা আহ্বান জনাইছিল।

উক্ত আহ্বানৰ প্ৰতি সঁহাৰি জনাই চাৰি গৰাকীয়ে নিবিদাকাৰী আগবাঢ়ি আহিছিল যদিও শেষত টাটা গ্ৰুপ আৰু স্পাইচজেটৰ মুখ্য কাৰ্যবাহী বিষয়া অজয় সিঙে চূড়ান্ত পৰ্যায়ত প্ৰৱেশ কৰিছিল।

ইয়াৰ পূৰ্বও ২০১৮ চনৰ মাৰ্চত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এয়াৰ ইণ্ডিয়া বিক্ৰী কৰাৰ প্ৰয়াস কৰিছিল যদিও সেই সময়ত এয়াৰলাইনটোৰ বৰ্ধিত ঋণ সম্পৰ্কীয় উদ্বেগৰ বাবে কোনো বিনিয়োগকাৰী আগবাঢ়ি অহা নাছিল।

লগতে পঢ়ক : বিশ্বৰ আগশাৰীৰ সাংবাদিকতা বঁটাৰে সন্মানিত অসমৰ যুৱ সাংবাদিক পৰী শইকীয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply